Monday, July 7, 2025
Homeউত্তৰ-পূৱকোন হ’ব মিজোৰামৰ নতুন মুখ্যমন্ত্ৰী? কাৰ নাম চৰ্চাত?

কোন হ’ব মিজোৰামৰ নতুন মুখ্যমন্ত্ৰী? কাৰ নাম চৰ্চাত?

ডিজিটেল ডেস্ক, ৪ডিছেম্বৰ: এজন প্ৰাক্তন ভাৰতীয় আৰক্ষী সেৱা (IPS)ৰ বিষয়া লালডুহোমাই প্ৰাক্তন গেৰিলা নেতা জোৰামথাংগাক ধাৰাশায়ী কৰিলে৷ মিজোৰাম বিধানসভাৰ নিৰ্বাচনত লালডুহোমাৰ ZPMয়ে পৰাজিত কৰিলে জোৰামথাংগাৰ MNF চৰকাৰক৷  ৪০ আসনযুক্ত মিজোৰাম বিধানসভাৰ নিৰ্বাচনত দুয়োগৰাকী নেতাই দুটা দলক প্ৰতিনিধিত্ব কৰি দাবীদাৰ হৈছিল মিজোৰামৰ মুখ্যমন্ত্ৰীৰ৷

কিন্তু সোমবাৰে হোৱা ভোটগণনাত মিজোৰামৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত জনাদেশ লাভ কৰিলে লালডুহোমাই৷ ৰাজ্যপাল ড০ হৰি বাবু কম্ভমপতিক পদত্যাগ পত্ৰ প্ৰদান মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ। ZPMৰ প্ৰাৰ্থী লালদুহোমাৰ হাতত পৰাস্ত হয় জোৰামথাংগা।

সশস্ত্ৰ সংগ্ৰাম আৰম্ভ কৰি ৰাজনীতিত ভৰি দিয়া এম এন এফ শাসনৰ পৰা আঁতৰাই নহয়, পৰাস্ত হ’ল দলৰ দিগ্গজ নেতা তথা মুখ্যমন্ত্ৰী এম জোৰামথাংগা। শাসনাধিষ্ঠিত দলটোৰ অকল মুখ্যমন্ত্ৰীয়েই নহয়, পৰাস্ত হ’ উপ-মুখ্যমন্ত্ৰীও। আৰু দলৰ আসন ২৬খনৰ পৰা হ্ৰাস পালে ১০ খনলৈ।

ডাঙৰ কথাটো হ’ল মিজোৰামত পৰাস্ত হ’ল মুখ্যমন্ত্ৰী জোৰামথাংগা। আইজল ইষ্ট-১ সমষ্টিত ZPMৰ লালথানছাংগাৰ হাতত পৰাস্ত হ’বলগা হ’ল মুখ্যমন্ত্ৰীগৰাকী। জেড পি এমৰ প্ৰাৰ্থীগৰাকীৰ হাতত ২১০১টা ভোটত পৰাস্ত হয় জোৰাংথাংগা।

কেৱল মুখ্যমন্ত্ৰীয়ে নহয় পৰাস্ত হ’ল উপ-মুখ্যমন্ত্ৰীও। টুইচাং সমষ্টিত উপ-মুখ্যমন্ত্ৰী টাউনলুইয়া পৰাস্ত হয় ZPM প্ৰাৰ্থী ডব্লিউ চুৱানামাৰ হাতত। ৯০৯টা ভোটত পৰাস্ত হয় তেওঁ। ৰাজ্যখনত ZPM-এ একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰাটো নিশ্চিত।

উল্লেখযোগ্য যে মিজোৰামত ৩ ডিচেম্বৰত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ কথা আছিল যদিও সেই সিদ্ধান্ত সলনি কৰি নিৰ্বাচন আয়োগে আজি ৰাজ্যখনত ভোটগণনা অনুষ্ঠিত কৰে। মিজোৰামৰ ৰাজনৈতিক দল, গিৰ্জা কৰ্তৃপক্ষৰ লগতে বিভিন্ন সংগঠনে দেওবাৰৰ দিনটোত নিৰ্বাচনৰ ফলাফল ঘোষণা নকৰাৰ বাবে আবেদন জনাইছিল। সেই আবেদনক সন্মান জনাই ৪ ডিচেম্বৰত ফলাফল ঘোষণাৰ দিন নিৰ্ধাৰণ কৰিছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments