ডিজিটেল ডেস্ক, ২৫ অক্টোবৰ: দেওবাৰে পুৱা ৮.৩০ বজাৰ পৰা ৪ বজালৈ ৰাজ্যজুৰি কৰ্তন কৰা হ’ব ইণ্টাৰনেট সেৱা। ADRE চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে এই সিদ্ধান্ত।
২৭ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ’ব চতুৰ্থ বৰ্গৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা। দুয়োবেলা অনুষ্ঠিত হ’বলগীয়া এই পৰীক্ষাক লৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে। কিন্তু চৰকাৰী খালী পদৰ পৰিৱৰ্তে পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া প্ৰাৰ্থীৰ সংখ্যাই চিন্তিত কৰি তুলিছে সচেতন মহলক। কাৰণ খালী পদৰ বিপৰীতে পৰীক্ষাত অৱতীৰ্ণ হ’ব ২০০ গুণতকৈও অধিক প্ৰাৰ্থীয়ে।
