Monday, July 7, 2025
Homeক্ৰীড়ামহম্মদ ছিৰাজৰ প্ৰথম স্থান দখল আই চি চি এদিনীয়া ৰেংকিঙত

মহম্মদ ছিৰাজৰ প্ৰথম স্থান দখল আই চি চি এদিনীয়া ৰেংকিঙত

ডিজিটেল ডেস্ক,২০ ছেপ্তেম্বৰ: এছিয়া কাপ ২০২৩ৰ ফাইনেলৰ পিছত আইচিচিৰ এদিনীয়া ৰেংকিঙত ১ নং স্থান দখল কৰিলে মহম্মদ চিৰাজে ।৫ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া আইচিচি বিশ্বকাপৰ পূৰ্বে ভাৰতীয় স্পীড ষ্টাৰ মহম্মদ ছিৰাজে বুধবাৰে ৮টা স্থান লাভ কৰি এদিনীয়া বলাৰৰ ৰেংকিঙত এক নম্বৰ স্থান দখল কৰে(Mohammed Siraj back to No. 1 in ICC ODI rankings)।

এছিয়া কাপ বিজয়ী ৬/২১ৰ সৈতে ছিৰাজৰ বলিষ্ঠ প্ৰদৰ্শনত অভিভূত টীম ইণ্ডিয়াৰ কতৃপক্ষ । ছিৰাজে ১২.২ গড়ে ১০টা উইকেটৰে প্ৰতিযোগিতাখন সমাপ্ত কৰে। ৰেংকিঙত তেওঁ ট্ৰেণ্ট ব’ল্ট, ৰছিদ খান, মিচেল ষ্টাৰকৰ দৰে বলাৰক অতিক্ৰম কৰিছে।বিশ্বকাপৰ প্ৰাক মুহুৰ্ত্তত ভাৰতীয় ক্ৰীকেট দলৰ এছিয়া কাপৰ প্ৰদৰ্শনৰ পিছত পুনৰ বিশ্বকাপত দেশবাসীলৈ গৌৰৱ কঢ়িয়াই অনাৰ সম্ভাৱনাই অধিক ।

কাৰণ ভাৰতৰ দলটোৱে এতিয়া বল, বেট,ফিলডিং সকলোতে ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈ আহিছে ।ইয়াৰ প্ৰমাণ হিছাপে এছিয়া কাপৰ ফাইনেলত লংকা বাহিনীক কৰা পৰাস্ত এক উদাহৰণ বুলি কব পাৰি ।এছিয়া কাপৰ দৰে বিশ্ব কাপত ভাৰতীয় দলে প্ৰদৰ্শন কৰিব নে নাই সেয়া পৰৱৰ্তী সময়ত হে লক্ষনীয় হব ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments