ডিজিটেল ডেস্ক, ৮নৱেম্বৰ: উপ-নিৰ্বাচনৰ সময়তে বঙাইগাঁৱত ধন জব্দ। এখন বাহনৰ পৰা জব্দ ৫ লাখ টকা। বইটামাৰীৰ আব্দুল বাৰিক নামৰ লোকজনে আনিছিল ধনখিনি।
বঙাইগাঁৱৰ পৰা আহি থকা অৱস্থাত মাজগাঁৱত জব্দ ধন। বেংকৰ পৰা ধনখিনি অনা বুলি দাবী কৰিছিল আব্দুল বাৰিকে। কিন্তু আব্দুল বাৰিকে দেখুৱাব পৰা নাছিল উপযুক্ত প্ৰমাণ। উপ-নিৰ্বাচনৰ বাবে বঙাইগাঁৱত বলৱৎ হৈ আছে নিৰ্বাচনী আচৰণ বিধি। আচৰণ বিধি বলৱৎ হৈ থকাৰ মাজতে উদ্ধাৰ হৈছে ধনখিনি।