Wednesday, March 11, 2026
Homeৰাজনৈতিকউকীলৰ অনুপস্থিতিৰ বাবে দেশত ৬৩ লাখৰো অধিক গোচৰ বিচাৰাধীন হৈ আছে

উকীলৰ অনুপস্থিতিৰ বাবে দেশত ৬৩ লাখৰো অধিক গোচৰ বিচাৰাধীন হৈ আছে

 

ডিজিটেল ডেস্ক, ANWS24X7: উকীলৰ অনুপস্থিতিৰ বাবে সমগ্ৰ দেশত ৬৩ লাখৰো অধিক গোচৰ বিচাৰাধীন হৈ আছে আৰু তথ্য প্ৰমণৰ অভত ১৪ লাখৰো অধিক গোচৰ বিচাৰাধীন হৈ আছে ৷ নেছনেল জুডিচিয়েল ডাটা গ্ৰিডৰ উধৃতি দি এই মন্তব্য কৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ৷ তেওঁ কয় যে সাধাৰণ মানুহে জিলা আদালতক অধীনস্থ ন্যায়পালিকা হিচাপে গণ্য কৰাৰ ঔপনিৱেশিক মানসিকতাৰ পৰা ওলাই আহিব লাগে ৷

শুক্ৰবাৰে অন্ধ্ৰ প্ৰদেশৰ ন্যায়িক একাডেমীৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে এই মন্তব্য কৰে ৷ তেওঁৰ মতে জিলা আদালত সমূহ কেৱল ন্যায়পালিকাৰ মেৰুদণ্ড নহয় ৷ বহুতৰ বাবে ই ন্যায়িক প্ৰতিষ্ঠান হিচাপে কাম কৰে ৷

মুখ্য ন্যায়াধীশ গৰাকীয়ে লগতে কয় যে , জামিন হ’ল অপৰাধী ন্যায় ব্যৱস্থাৰ এটা মৌলিক নিয়ম ৷ বাস্তৱত দেশত এতিয়া বন্দী হৈ থকা বিচাৰাধীন লোকৰ সংখ্যাই এক স্ব-বিৰোধী পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ উচ্চতম ন্যায়ালয়ৰ প্ৰতিখন বিচাৰপীঠে প্ৰতিদিনে ১০ খন জামিন আবেদন আৰু ১০ টা স্থানান্তৰৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব ৷ বৰ্তমান উচ্চতম ন্যায়ালয়ত ১৩০০০ স্থানান্তৰ আবেদনৰ গোচৰ বিচাৰধীন হৈ আছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments