ডিজিটেল ডেস্ক, anews24x7: মৰাণ চাহ বাগিচাৰ বজাৰ লাইনত বিদ্যুৎ পৃষ্ঠ হৈ মাতৃ -পুত্ৰৰ মৃত্যু । পথত পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰ লাগি মৃত্যুক সাৱটি লয় ৪ বছৰীয়া ৰিয়াঞ্জ কৰ্মকাৰ আৰু মাতৃ ফুচকি কৰ্মকাৰে (২৬) । APDCL ৰ গাফিলতিৰ বাবেই মাতৃ-পুত্ৰই এনেদৰে মৃত্যুক সাৱটিব লগীয়া হোৱাৰ অভিযোগ ।
ঘৰৰ কাষতে পথত পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰত পুত্ৰ হঠাৎ লাগি যোৱা প্ৰত্যক্ষ কৰি মাতৃগৰাকীয়ে এৰুৱাবলৈ গৈ মাতৃগৰাকীও বিদ্যুৎ পৃষ্ঠ হবলগীয়া হয় । লগে লগে তিলৈ এফ.আৰ.ইউ. চিকিৎসালয়লৈ প্ৰেৰন কৰা হয় যদিও চিকিৎসকে মৃত ঘোষনা কৰে ।