ডিজিটেল ডেস্ক, anews24x7: মাৰ্ঘেৰিটাত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড।এগৰাকী ১২ বছৰীয়া কিশোৰীক এটা পাষণ্ডই ধৰ্ষণ কৰি হত্যা কৰা ঘটনাই জোকাৰিছে মাৰ্ঘেৰিটা। উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত ২৮ ২৯ আৰু ৩০ তাৰিখে তিনি দিনীয়া কৈ অনুষ্ঠিত হোৱা ৰঙালী বিহুৰ শেষৰ দিনা সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান চাবলৈ মাকৰ লগত গৈছিল কিশোৰী গৰাকী। অনুষ্ঠান চাই থাকোতে পুৱতি নিশা কিশোৰী গৰাকীৰ টোপনি ধৰাত কিশোৰী গৰাকীৰ মাকৰ পৰিচিত স্বপন তাঁতি ওৰফে আনন তাঁতি নামৰ পাষণ্ড জনৰ ঘৰত ৰাখি পুনৰ মাকে অনুষ্ঠান উপভোগ কৰিবলৈ লয় আৰু পিছদিনা কিশোৰী গৰাকীক নিবলৈ আহিব বুলিও কয়।
কিন্তু কিশোৰী গৰাকীক বুধবাৰে নিবলৈ বুলি আহোতে স্বপন তাঁতী ওৰফে আনন তাঁতিয়ে ঘৰলৈ গল বুলি মাকক ঘুৰাই পঠায় আৰু তেতিয়াৰ পৰা নিৰুদ্দেশ হৈ থকা কিশোৰী গৰাকীৰ নিৰুদ্দেশৰ সন্দৰ্ভত মাৰ্ঘেৰিটা থানাত পৰিয়ালৰ লোকে এজাহাৰো দাখিল কৰে। কিন্তু কালি সন্ধিয়া স্বপন তাঁতিৰ ঘৰৰ কাষতে থকা এটা হোষ্টেলৰ শৌচালয়ৰ টেংকীত মৃত অবস্থাত উদ্ধাৰ হোৱাত হোৱাদুৱা লাগে আৰু আৰক্ষীক খবৰ দিয়াত আৰক্ষী পাষণ্ডটোৰ ঘৰত উপস্থিত হোৱাৰ লগতে মৃতদেহটো উদ্ধাৰ কৰি থানালৈ আহে।
ইপিনে আজি বিভিন্ন দল সংগঠনে উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত একত্ৰিত হৈ হত্যাকাৰী আনন্দ তাতিক গ্ৰেপ্তাৰ কৰি ফাঁচীৰ দাবী তুলিছে। আনহাতে আজি মাৰ্ঘেৰিটা চেগুনবাৰী তিনিআলিত সহস্ৰাধিক লোকে টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি অহা ২৪ ঘন্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰাৰ দাবীৰে তিনিচুকীয়া উপায়ুক্ত, আৰক্ষী অধীক্ষক, মাৰ্ঘেৰিটা আৰক্ষী বিষয়াৰ লগতে মানৱাধিকাৰ আয়োগলৈয়ো স্মাৰক পত্ৰ প্ৰেৰণ কৰে।