Sunday, July 6, 2025
Homeঅসমকংগ্ৰেছৰ ‘ৰাজভৱন চলো’ কাৰ্যসূচীত অংশ ল’বলৈ আহি প্ৰাণ গ’ল মৃদুল ইছলামৰ

কংগ্ৰেছৰ ‘ৰাজভৱন চলো’ কাৰ্যসূচীত অংশ ল’বলৈ আহি প্ৰাণ গ’ল মৃদুল ইছলামৰ

ডিজিটেল ডেস্ক, ১৮ডিচেম্বৰ:গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদত অংশলৈ মৃত্যু অধিবক্তা মৃদুল ইছলামৰ। আৰক্ষী-প্ৰতিবাদকাৰীৰ হতাহতিত আহত হোৱা বকোৰ মৃদুলৰ GMCHত মৃত্যু।

প্ৰতিবাদৰ সময়ত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগৰ কৰাৰ লগতে লাঠিচালনাও কৰিছিল। আৰক্ষী-প্ৰতিবাদকাৰীৰ হতাহতিত আহত হৈছিল মৃদুল ইছলাম। মৃদুলৰ গাত লাগিছিল কন্দুৱা গেছৰ চেল।

আহত মৃদুল ইছলামক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হয় যদিও হাস্পতালত মৃত্যু হয় লোকজনৰ। মৃত মৃদুল ইছলামৰ ঘৰ দক্ষিণ কামৰূপৰ সোণতলীত বুলি জানিব পৰা গৈছে। কংগ্ৰেছৰ আইনী কোষৰ অধিবক্তা আছিল মৃদুল ইছলাম।

কংগ্ৰেছে আজি ‘এক দেশ এক নিৰ্বাচন’ৰ বিৰোধিতা, স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ, হিংসা বন্ধ কৰি মণিপুৰত শান্তি ঘূৰাই অনাৰ দাবীত ‘ৰাজভৱন চলো’ কাৰ্যসূচী ৰূপায়ণ কৰিছিল। এই প্ৰতিবাদৰ সময়তে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি। আৰক্ষীয়ে প্ৰতিবাদকাৰীলৈ কন্দুৱা গেছ প্ৰয়োগ কৰাৰ লগতে লাঠিচালনাও কৰিছিল।

কংগ্ৰেছ নেতা অধিবক্তা মৃদুল ইচলামৰ বাসগৃহত শোকুকূল পৰিৱেশ ৷ তেওঁৰ মৃত্যুৰ খৱৰ পোৱাৰ পিচতে পৰিয়াল ও আত্মীয়স্বজনৰ মাজত কান্দোনৰ ৰোল ৷ উদীয়মান তথা অতি প্ৰতিভাসম্পন্ন অধিবক্তাজনৰ মৃত্যুৰ বাতৰিয়ে সকলোকে কৰি তুলিছে স্তম্বিত ৷ কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ কিচমত কাঠমী গাঁৱ নিবাসী প্ৰয়াত শিক্ষক আবুল হাসেমৰ দ্বিতীয় পুত্ৰ আছিল অধিবক্তা মৃদুল ইচলাম ৷ অসম প্ৰদেশ কংগ্ৰেছৰ ডিজিটেল বাহিনীৰ কামৰূপ জিলাৰ যুটীয়া সমন্বয়কৰ দায়িত্বত আছিল মৃদুল ইচলাম ৷ দুটা সন্তানৰ পিতৃ আছিল অধিবক্তাজন ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments