মুকালমুৱা, ২৫আগষ্ট: এইবাৰ ধৰ্মীয় অনুষ্ঠানক লক্ষ্য কৰি লৈছে চোৰে ৷ উপসনাস্থলীত চোৰে চলাইছে দুস্কাৰ্য ৷ নলবাৰী জিলাৰ মুকালমুৱাত হিন্দু ধৰ্মৰ দুটাকৈ উপসনাস্থলীত চোৰে চলাইছে লুটপাত ৷ একেনিশাই দুটাকৈ ধৰ্মীয় উপসনাস্থলীত চোৰে লুটপাত চলায় লৈ যায় মূল্যবান সামগ্ৰী ৷ মুকালমুৱাস্থিত বৰক্ষেত্ৰী সাৰ্বজনীন দুৰ্গা মন্দিৰত নিশা চোৰৰ লুটপাত চলায় লৈ যায় নগদ ধনকে ধৰি বিভিন্ন সামগ্ৰী ৷
তদুপৰি নিৰ্মীয়মান দুৰ্গা মন্দিৰটোৰ পৰা চোৰে লৈ যায় নিৰ্মান কাৰ্যত ব্যৱহাৰিত বিভিন্ন সা-সামগ্ৰী ৷ ইপিনে একেনিশাই মুকালমুৱাৰ বৰুৱাপুতাস্থিত শনি মন্দিৰতো চোৰে সংঘটিত কৰে চুৰিকাৰ্য ৷ শনি মন্দিৰটোৰ দানপাত্ৰৰ পৰা চোৰে লৈ যায় নগদ ধন আৰু শনি মন্দিৰত ভক্তই আগবঢ়োৱা সোণ-ৰূপৰ ফুলকে ধৰি আন কেতবোৰ সামগ্ৰী ৷ ইয়াৰ পূৰ্বেও বৰুৱাপুতাস্থিত শনি মন্দিৰটোত দুবাৰকৈ চোৰে চলাইছিল লুটপাত ৷ উপসনাস্থলীটোত চোৰে সঘনাই দুস্কাৰ্য সংঘটিত কৰি অহাত অঞ্চলটোৰ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
নিশা ৫০০ মিটাৰ ব্যৱধানৰ মাজত দুটাকৈ ধৰ্মীয় অনুষ্ঠানত চোৰে লুটপাত চলোৱাত ৰাইজে সহজভাৱে লব পৰা নাই ৷ ঘটনা সংক্ৰান্তত বৰক্ষেত্ৰী সাৰ্বজনীন দুৰ্গোৎসৱ সমিতিয়ে মুকালমুৱা থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰুৱাপুৱাস্থিত শনি মন্দিৰ পৰিচালনা সমিতিয়ে পূৰ্বতে চুৰিকাণ্ডৰ ফলত আৰক্ষীৰ পৰা কোনো সুফল লাভ নকৰাত এইবেলি এজাহাৰ দাখিল কৰাৰ পৰা বিৰত থাকি ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ৷
