ডিজিটেল ডেস্ক, ANEWS24X7: মহিলাসকলৰ যাতায়ত সুৰক্ষিত কৰিবৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে মুম্বাই আৰক্ষীয়ে ৷ মহিলাসকলৰ সুৰক্ষাত নিয়োজিত নিৰ্ভয়া দলৰ বাবে এক নতুন নিয়ম প্ৰস্তুত কৰিছে ৷
সেই নিয়ম অনুসৰি ,কিউআৰ কৰ্ডবোৰ চহৰৰ বিভিন্ন সংবেদনশীল স্থানত ৰখা হ’ব ৷ এই স্থানসমূহত কৰ্তব্যৰত নিৰ্ভয়া দলৰ এজন সদস্যই ফোনৰ পৰা কৰ্ডটো স্কেন কৰিব পাৰিব আৰু মুম্বাই আৰক্ষীক তেওঁলোকৰ পেট্ৰলিং ভেনৰ অৱস্থান আৰু অন্যান্য তথ্য পোনপটীয়াকৈ জনাব পাৰিব ৷
শেহতীয়াকৈ মুম্বাইচত এগৰাকী কোৰিয়ান মহিলা উৎপীড়নৰ বলি হৈছিল ৷ ইয়াৰ পিছতে মুম্বাই আৰক্ষীয়ে তৎপৰতাৰে কাম কৰিছে ৷ যিকোনো সমস্যা বা বিপদৰ ক্ষেত্ৰত চহৰৰ যিকোনো প্ৰান্তৰ মহিলাই যাতে তৎক্ষণাত নিৰ্ভয়া দলৰ সহায় লাভ কৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷
নিৰ্ভয়া দলটোত মহিলাৰ সুৰক্ষাৰ বাবে এগৰাকী মহিলা আৰক্ষী, দুজন কনিষ্টবল আৰু এজন চালক থাকিব।মুম্বাই আৰক্ষীয়ে বিশ্বাস কৰে যে নিৰ্ভয়া দলে এই কিউআৰ কৰ্ডৰ সহায়ত তেওঁলোকৰ দায়িত্ব অধিক দক্ষতাৰে পালন কৰিবলৈ সক্ষম হ’ব ৷