ডিজিটেল ডেস্ক, anews24x7: বিগত দুটা দিনে নেৰানেপেৰা বৰষুণ, ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি আৰু ঘন কুঁৱলীৰ বাবে মাজুলী-নিমাতী আৰু নিমাতী-মাজুলী সংযোগী যাত্ৰীবাহী ফেৰীৰ চলাচল বন্ধ হৈ আছিল যদিও কুঁৱলীৰ পৰিমাণ হ্ৰাস পোৱাত দিনৰ ১০ বজাত কমলাবাৰী ঘাটৰ পৰা এখন ফেৰী নিমাতীলৈ আৰু নিমাতীৰ পৰা কমলাবাৰী ঘাটলৈ দিনৰ ১২-৪৫ বজাত অহা এম ভি লুহিত নামৰ ফেৰীখন ব্ৰহ্মপুত্ৰত ঘন কুঁৱলীৰ বাবে দিশহাৰা হৈ পৰে আৰু এই খবৰ লাভ কৰাৰ পাছতে আভ্যন্তৰীণ জল পৰিবহন বিভাগ এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীয়ে তৎপৰতাৰে কুঁৱলীৰ মাজত আৱদ্ধ ফেৰীখন উদ্ধাৰৰ বাবে ৰাওনা হয় আৰু নিশ্চিত আন এক বিপদৰ সন্মূখীন হোৱাৰ পৰা বচাই গধুলিৰ আগতে যাত্ৰীসহ ফেৰীখন উদ্ধাৰ কৰি কমলাবাৰী ঘাটলৈ আনে।
উল্লেখযোগ্য যে,বাৰিষাৰ সময়ত চুলিৰ আগত জীউ বান্ধি পাৰাপাৰ হোৱা যাত্ৰীসকলৰ আহুকলীয়া সমস্যা আঁতৰাই আভ্যন্তৰীণ জলপৰিবহন বিভাগে উন্নত প্ৰযুক্তিৰ নৌকা সেৱা নিদিয়াৰ প্ৰসংগৰে যাত্ৰীসকলে অভিযোগ উত্থাপন কৰিছে । ইপিনে এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীৰ উদ্যোগত যাত্ৰী সহ সুকলমে উদ্ধাৰ ফেৰীখন ।