Tuesday, July 8, 2025
Homeআন্তঃৰাষ্ট্ৰীয়বিদ্যালয়ত আক্ৰমণ ম্যানমাৰ সেনাৰ

বিদ্যালয়ত আক্ৰমণ ম্যানমাৰ সেনাৰ

ডিজিটেল ডেস্ক, ANEWS24X7: সন্ত্ৰাসবাদীৰ আশ্ৰয়স্থল বুলি বিদ্যালয়ত নিৰ্বিচাৰ গুলী সেনাবাহিনীৰ ৷ সেনাবাহিনীৰ হেলিকপ্টাৰেৰে চলোৱা গুলীচালনাৰ ফলত থকা সৰকা হয় কেইবাটাও শিশু ৷ এই গুলীচালনাৰ ফলত ছয়জন শিক্ষাৰ্থী নিহত হোৱাৰ লগতে ১৭ জন শিক্ষাৰ্থী গুৰুত্বৰ বাবে আহত হয় ৷এই ঘটনা সংঘটিত হৈছে ম্যানমাৰৰ চাগাইং আঞ্চলৰ লেট ইয়েট কোন গাঁৱৰ এটা বৌদ্ধ মঠত ৷

বিদ্যালয়খন সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ হোৱাৰ লগতে সেনাক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰাৰ তথ্য লাভ কৰিছিল ম্যানমাৰ সেনাই ৷ ম্যানমাৰ সেনাই এই তথ্য লাভ কৰাৰ পিছতে বিদ্যালয়খনত গুলী চালনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি গুলীচালনাৰ ফলত ঘটনাস্থলীতে কেইবাটাও শিশু নিহত হোৱাৰ লগতে বহুকেইজন শিশু আঘাতপ্ৰাপ্ত হয় ৷ আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷মৃত শিশু সকলক ঘটনাস্থলীৰ পৰা ১১ কিলোমিটাৰ নিলগত থকা এখন চহৰলৈ লৈ যায় আৰু পৰবৰ্তী সময়ত তাতে মৃত শিশু সকলক সমাধিস্থ কৰে ৷ সম্প্ৰতি বিদ্যালয়খনৰ কেইবাখনো ছবি ইতিমধ্যে ইণ্টাৰনেটত ভাইৰেল হৈছে ৷

এই ঘটনা সন্দৰ্ভত ম্যানমাৰ সেনাই এক বিবৃতি জাৰি কৰিছে ৷ বিবৃতিটোত ম্যানমাৰ সেনাই কয় যে ,‘‘কাচিন ইণ্ডিপেণ্ডেঞ্চ আৰ্মী নামৰ এটা বিদ্ৰোহী গোটৰ সদস্যসকলে কেইবাদিন ধৰি এই স্থানত আত্মগোপন কৰি আছিল ৷ গাওঁখন অস্ত্ৰ লেনদেনৰ কেন্দৰ হিচাপে ব্যৱহাৰ কৰি আহিছিল সন্ত্ৰাবাদী গোটটোৱে ৷ সেনাই অঞ্চলটো পৰিদৰ্শন কৰাৰ পিছত উগ্ৰপন্থীসকলে বিদ্যালয়ৰ ভিতৰৰ পৰা সেনাবাহিনীলৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷ ইয়াৰ প্ৰত্যুতৰত সেনাই সন্ত্ৰাবাদী সকললৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷’’

ইয়াৰ বিপৰিতে ম্যানমাৰৰ গণতন্ত্ৰ পন্থী ৰাষ্ট্ৰীয় ঐক্য চৰকাৰে দাবী কৰে যে , সেনাবাহিনীয়ে ইচ্ছাকৃতভাৱে বিদ্যালয়খনত আক্ৰমণ কৰিছে ৷এনইউজিয়ে এইটোও দাবী কৰে যে সেনাবাহিনীয়ে ঘটনাটোৰ পিছত ২০ জন শিক্ষাৰ্থী আৰু শিক্ষকক গ্ৰেপ্তাৰ কৰিছে ৷ উল্লেখ্য যে বিগত বৰ্ষত ম্যানমাৰৰ নিৰ্বাচিত চৰকাৰক উৎখাত কৰি ম্যানমাৰ সামৰিক বাহিনীয়ে দেশৰ শাসনভাৰ দখল কৰাৰ পিছৰে পৰা এক প্ৰকাৰে দেশখনত স্বৈৰাচাৰী শাসন আৰম্ভ হৈছে ৷সেনাৰ শাসনক লৈ অসন্তুষ্ট দেশখনৰ অধিকাংশ জনতা ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments