Wednesday, July 9, 2025
Homeঅসমনৱ শৰণীয়া মাজতে নাইকিয়া হৈছিল, এতিয়া আকৌ আৱিৰ্ভাৱ হৈছে

নৱ শৰণীয়া মাজতে নাইকিয়া হৈছিল, এতিয়া আকৌ আৱিৰ্ভাৱ হৈছে

“BTR ত BPF ৰ সৈতে মিলি আমি চৰকাৰ গঠন কৰিম, যদি নোৱাৰোঁ ৰাজনীতি ত্যাগ কৰিম” , নৱ শৰণীয়াৰ এই মন্তব্যৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ BTR প্ৰধান প্ৰমোদ বড়োৰ ৷ দুধনৈত নৱ শৰণীয়াক অৱসৰ গ্ৰহণ কৰা ফুটবল খেলুৱৈৰ সৈতে ৰিজালে প্ৰমোদ বড়োয়ে ৷

#গোৱালপৰা জিলাৰ দুধনৈৰ নিকটৱৰ্তী আমজোঙাত যোৱা ৭ মাৰ্চৰ পৰা তিনি দিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সদৌ বড়ো মহিলা কল্যাণ পৰিষদৰঅধিবেশনৰ আজি সামৰণি অনুষ্ঠানত উপস্থিত হৈ BTR প্ৰধান প্ৰমোদ বড়োৰ মন্তব্য

# নৱ শৰণীয়া মাজতে নাইকিয়া হৈছিল, এতিয়া আকৌ আৱিৰ্ভাৱ হৈছে ।
# নিৰ্বাচনত কোনেও হাৰিম বুলি নকয়, জিকাৰ অংক কৰিয়ে নিৰ্বাচনত অৱতীৰ্ণ হয় সকলো ৷
# অৱসৰ গ্ৰহণ কৰা এগৰাকী খেলুৱৈয়ে যদি পুনৰ এবাৰ খেল পথাৰত নামে তেনেহ’লে পূৰ্বৰ খেল আকৌ এবাৰ দেখুৱাব নোৱাৰে, কোনে জিকে কোনে হাৰে সেয়া ৰাইজে ক’ব, সময়ত জানিব পৰা যাব ৷” শেষত আকৌ অতি তাৎপৰ্যপূৰ্ণ ভাৱে নৱ শৰণীয়াক অতি কৌশলেৰে কয়- “নৱ শৰণীয়াক ৰাজনৈতিক ভৱিষ্যতৰ শুভেচ্ছা জনাইছোঁ” ৷
আনহাতে BTRত বিজেপিয়ে অকলেই নিৰ্বাচন খেলাৰ বাবে যি তৎপৰতা আৰম্ভ কৰিছে- সেই সন্দৰ্ভত প্ৰমোদ বড়োয়ে কয়- সকলোৰে নিজা নিজা কথা, কোনোয়ে অকলে খেলে, কোনোয়ে মিত্ৰতাৰে খেলে, কিন্তু আমি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগত আমি এতিয়াও একেলগে আছোঁ, আমি আলোচনা কৰি সেয়া ঠিক কৰি ল’ম, আমাৰ ৩২০০ টা বুথ কমিটি আছে, ৪০ টা সমষ্টি আছে, UPPL ৰ কাৰ্যকৰ্তাই দিনে নিশাই কাম কৰি আছে, অনাগত সময়ত পৰিৱেশে যি কয় সেয়াই কৰিব লাগিব। ”

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments