ডিজিটেল ডেস্ক, ANEWS24X7: ২০২২ চনটো ৰাজ্যখনৰ বাবে ভাল বৰ্ষ আছিল। কাৰণ নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৱে (এনচিআৰবি) ৰাজ্যখনক দেশৰ “সৰ্বাধিক শান্তিপূৰ্ণ” ৰাজ্য হিচাপে ঘোষণা কৰিছে। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৰ এই মন্তব্য।
নাগালেণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য ‘২০২২ চনত সমাধান কৰিব নোৱাৰা একমাত্ৰ বিষয়টোৱেই আছিল নগা ৰাজনৈতিক সমস্যা। ২০২৩ চনৰ নতুন বছৰটোও শান্তিপূৰ্ণ আৰু ফলপ্ৰসূ বছৰ হ’ব বুলি আশা কৰিছো’।
তেওঁ আশা প্ৰকাশ কৰে যে নগা বিষয়টো অতি শীঘ্ৰে যুক্তিসংগত সিদ্ধান্তত উপনীত হ’ব।নগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ এই মন্তব্য এনে সময়তে ৰাজ্যখনে বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে। অহা বছৰৰ আৰম্ভণিতে নাগালেণ্ডত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন।