ডিজিটেল ডেস্ক, anews24x7: একেৰাহে দ্বিতীয়বাৰৰ বাবে উপ মুখ্যমন্ত্ৰী হিচাপে নিজৰ পদ বজাই ৰখা নাগালেণ্ডৰ বিজেপি নেতা ৱাই পেটনে কয় যে নতুন চৰকাৰখনে ৩৭ খন আসন (২৫ খন এনডিপিপি আৰু ১২ খন বিজেপি)ৰ সৈতে বিৰোধী-বিহীন পৰ্য্যায়ত উপনীত হৈছে।
“আমি ৩৭ খন আসন (২৫ খন এনডিপিপি আৰু ১২ জন বিজেপি বিধায়ক)ৰ সৈতে সুৰক্ষিতভাৱে চৰকাৰ গঠন কৰোঁ। আমাৰ চৰকাৰ বিৰোধী-বিহীন”- নগা ৰাজনৈতিক সমস্যাৰ সমাধানৰ বাবে বিৰোধী-বিহীন চৰকাৰৰ সম্ভাৱনা আছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰ দি পেটনে এনেদৰে কয়।
তেওঁ লগতে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰই মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ নেতৃত্বাধীন নাগালেণ্ড চৰকাৰৰ সৈতে নগা সমস্যাৰ স্থায়ী সমাধান বিচাৰি উলিওৱাত আন্তৰিকতা অৱলম্বন কৰিছে তথা পূৰ্বৰ তুলনাত সোনকালে স্থায়ী শান্তি বিচাৰি উলিওৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।”
তদুপৰি, উপ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নগা সমস্যাৰ চূড়ান্ত সমাধানত বেছি সময় নালাগিব পাৰে ।
পেটনে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কয় যে নতুন চৰকাৰ গঠন কৰা নেচনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি (এনডিপিপি) আৰু ভাৰতীয় জনতা পাৰ্টি (বিজেপি) নেতৃত্বাধীন ইউনাইটেড ডেমক্ৰেটিক এলায়েন্স (ইউডিএ)য়ে চতুৰ্দশ নাগালেণ্ড বিধান সভাৰ আসন লাভ কৰা নিৰ্দলীয় প্ৰাৰ্থীকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ পৰা সমৰ্থনপত্ৰ লাভ কৰিছে।