Wednesday, March 18, 2026
Homeঅসমভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে

ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে

দিল্লীত মুখ্যমন্ত্ৰীৰ আবাসত আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিলে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপিত যোগদান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে।
সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ভাৰতীয় জনতা পাৰ্টিত যোগদানৰ পিছতে মুখ্যমন্ত্ৰীয়ে কৰিলে কেইবাটাও ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘প্ৰধানমন্ত্ৰীৰ নেতৃত্বত আমি অসমক শক্তিশালী কৰিম। মঙলবাৰে নীতিন নবীনে যোগদানত জনালে অনুমোদন। অসমৰ এজন শক্তিশালী নেতা বৰদলৈ। ৩ বছৰৰ বাবে সাংসদৰ কাৰ্যকাল আছিল প্ৰদ্যুৎ বৰদলৈৰ। তথাপিও তেওঁ অসমৰ বাবে দলত্যাগ কৰিছে। তেওঁক উচিত সন্মান দিব বিজেপিয়ে।’’
 ‘‘প্ৰদ্যুৎ বৰদলৈ বিজেপিলৈ কিবা পোৱাৰ আশাত অহা নাই। তেওঁ কিবা এটা ত্যাগ কৰিহে বিজেপিলৈ আহিছে। আমি একো ত্যাগ কৰি বিজেপিলৈ অহা নাছিলো। মই BJPত যোগদানৰ সময়ত মোৰ বিধায়কৰ কাৰ্যকাল মাত্ৰ দুমাহ আছিল। প্ৰদ্যুৎ বৰদলৈৰ সাংসদৰ কাৰ্যকাল ৩ বছৰ আছিল। আমাৰ কাৰ্যকতাৰ দায়িত্ব প্ৰদ্যুৎ বৰদলৈক সন্মান দিয়াটো।’’
। প্ৰদ্যুৎ বৰদলৈয়ে কয় যে ‘‘এই সিদ্ধান্তটো মোৰ বাবে সহজ সিদ্ধান্ত নহয়। কংগ্ৰেছত থাকি মানসিক অশান্তিত ভুগি আছিলোঁ। মুখ্যমন্ত্ৰীৰ সৈতে সুদীৰ্ঘ কাল সতীৰ্থ হিচাপে আছিলোঁ। মুখ্যমন্ত্ৰীৰ কামকাজৰ ধৰণ দেখি সন্তুষ্ট হৈ বিজেপিলৈ আহিছোঁ। মুখ্যমন্ত্ৰীৰ কৰ্মস্পৃহাই মোক আকৰ্ষিত কৰিছে। দুবছৰমান কংগ্ৰেছত বহু অপমানৰ সন্মুখীন হৈছিলোঁ। মই বিজেপিত আত্মসন্মান ৰক্ষা কৰি অসমীয়া হিচাপে মূৰ তুলি কাম কৰি যাম। জ্যেষ্ঠ কংগ্ৰেছী ৰূপে পাব লগা সন্মান পোৱা নাছিলোঁ। ইমৰাণ মাছুদক অসমলৈ পঠোৱাত মই কংগ্ৰেছক বেয়া পাইছিলোঁ।’’
প্ৰদ্যুৎ বৰদলৈয়ে কয় যে ‘‘ৰাজনীতিত মোৰ কোনো গড ফাডাৰ নাই। মোৰ পুত্ৰ প্ৰতীকে নিজৰ সিদ্ধান্ত নিজে ল’ব। মই আজি তেওঁক এই কথা মুকলিকৈ কৈছোঁ।’’
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments