Wednesday, April 8, 2026
Homeঅসমভোট গ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হোৱা বিষয়া কৰ্মচাৰীক বিহুৱান আৰু বিহু নৃত্যৰে আদৰণি

ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হোৱা বিষয়া কৰ্মচাৰীক বিহুৱান আৰু বিহু নৃত্যৰে আদৰণি

নগাঁও: কালিলৈ পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ কেন্দ্ৰলৈ প্ৰেৰণ কৰা নিয়োজিত বিষয়া কৰ্মচাৰী সকলক আজি নগাঁও জিলা প্ৰশাসনে ব্যতিক্ৰমী ভাৱে আদৰণি জনোৱা পৰিলক্ষিত হ’ল। নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই নগাঁও চহৰৰ কলঙৰ বাকৰি নেহৰুবালিত উপস্থিত হৈ গন্তব্যস্থান লৈ যাবলগীয়া নিৰ্বাচনী বিষয়া- কৰ্মচাৰী সকলক বিহুৱান আৰু বিহু নৃত্যৰে আদৰণি জনায়। উল্লেখযোগ্য যে- নগাঁও জিলাৰ মুঠ ৭ টা বিধানসভা সমষ্টিত কালিলৈ পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’ব লগা ভোট গ্ৰহণ প্ৰক্ৰিয়াত জিলা খনৰ প্ৰায় ৮ হাজাৰ বিষয়া কৰ্মচাৰীক নিয়োজিত কৰা হৈছে। এই চৰকাৰী বিষয়া- কৰ্মচাৰী সকলে আজি নগাঁও চহৰস্থিত চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়, নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আৰু ডচন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত স্থাপন কৰা অস্থায়ী কেন্দ্ৰৰ পৰা ভোট গ্ৰহণ প্ৰক্ৰিয়াত ব্যৱহৃত ইভিএমৰ লগতে অন্যান্য সা-সামগ্ৰী সমূহ লৈ নিজৰ নিজৰ দায়িত্বপ্ৰাপ্ত ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments