ডিজিটেল ডেস্ক, A NEWS 24×7 : আঢ়ৈ বছৰৰ পাছত মৰিয়নীৰ ছাত্ৰ দেৱাশিস গগৈৰ হত্যাকাণ্ডৰ সন্দৰ্ভত ৰায়দান কৰিলে আদালতে।
ন্যায়িক যুঁজৰ অন্তত দেৱাশিস গগৈৰ হত্যাকাণ্ডৰ ১৮জন অভিযুক্তৰ ১১জনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে আদালতে। তাৰোপৰি ৭ জন অভিযুক্তক দোষমুক্ত ঘোষণা কৰে আদালতে।
২০২০ চনৰ ২৯ মে’ৰ বিয়লি গাভৰু চাহ বাগিচাত এদল লোকৰ বৰ্বৰ আক্ৰমণৰ বলি হৈছিল দেৱাশিস। গণপ্ৰহাৰৰ বলি হৈ মৃত্যুক আঁকোৱালী লৈছিল দেৱাশিস গগৈয়ে।