Tuesday, March 10, 2026
Homeঅসমৰাজ্য কঁপোৱা নম্ৰতা কাণ্ডৰে জড়িত সিদ্ধাৰ্থ শৰ্মা

ৰাজ্য কঁপোৱা নম্ৰতা কাণ্ডৰে জড়িত সিদ্ধাৰ্থ শৰ্মা

জুবিন গাৰ্গৰ মৃত্যুত অভিযুক্ত “সিদ্ধাৰ্থ শৰ্মা” উচ্চতম ন্যায়ালয়ৰ কনিষ্ঠ অধিবক্তা নম্ৰতা বৰাৰ মৃত্যুৰ ঘটনাৰ লগতো জড়িত আছিল। অভিযুক্ত সকলক ৰক্ষণাবেক্ষণ দিছিল সিদ্ধাৰ্থ শৰ্মাই।এই কথা পোহৰলৈ অহাত সংবাদ মেল যোগে সদৰি কৰিলে নম্ৰতা বৰাৰ পিতৃয়ে।

চলিত বৰ্ষৰ 4 জুনত গুৱাহাটী উচ্চন্যায়ালয়ৰ কনিষ্ঠ অধিবক্তা নম্ৰতা বৰাৰ মেঘালয়ৰ নংপোত কেইজনমান যুৱক যুৱতীৰ উপস্থিতিত অস্বাভাবিক ভাবে মৃত্যু হৈছিল আৰু এই মৃত্যুক অতি সুপৰিকল্পিত ভাবে পথ দুৰ্ঘটনাৰ ৰূপ দিয়া হৈছিল। সেই মৃত্যু সহজ মৃত্যু হিচাপে গ্ৰহণ কৰা নাছিল নম্ৰতাৰ পৰিয়ালে।

ইয়াক পৰিকল্পিত হত্যা হিচাপে সন্দেহ কৰি নম্ৰতাৰ পিতৃ ৰমেন কুমাৰ বৰাই নংপো থানাত গোচৰ ৰুজু কৰি অভিযুক্ত হিচাপে নম্ৰতাৰ মৃত্যুৰ সময়ত উপস্থিত থকা এ আই ইউ ডি এফ দলৰ যুৱ নেতা তথা বিধায়ক হাফিজ ৰছিদ আহমেদ কাচিমিৰ পুত্র, দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ মালিক, তথা দুৰ্ঘটনা সংঘটিত কৰা চালক,আনায়াতুল্লা ৱাটুচ,(৩৯) সহযোগী মঙ্গলদৈৰ গায়ত্রী বৰা (২৫), গোলাঘাটৰ মৃগাংক বৰুৱা,(২৬) , আৰু চৰাইদেউৰ প্ৰজ্ঞা দিহিঙীয়া (২৬) এই সকলক তদন্তৰ আওতালৈ আনিবৰ বাবে গোচৰত উল্লেখ কৰিছিল।

কিন্তু ঘটনাৰ সময়ত সিদ্ধাৰ্থ শৰ্মা নামৰ ব্যক্তি জনে দোষী সকলক নিৰ্দোষী সজাব বিচৰা তৎপৰতাত জড়িত হৈছিল। নম্ৰতাৰ পিতৃক বাৰে বাৰে বুজনি দি কৈছিল যে তেওঁ মৃগাংক হঁতৰ বন্ধু। সেয়েহে এই সমগ্ৰ ঘটনাৰ অনুসন্ধান সঠিক ভাবে আগবঢ়ালে বহু নতুন নতুন তথ্য পোহৰলৈ আহিব বুলি নম্ৰতাৰ পৰিয়ালে আহ্বান জনাইছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments