Friday, November 8, 2024
Homeৰাজনৈতিকব্ৰিটেইনৰ নৱ নিৰ্বাচিত প্ৰধানমন্ত্ৰীক নৰেন্দ্ৰ মোডীৰ শুভেচ্ছা

ব্ৰিটেইনৰ নৱ নিৰ্বাচিত প্ৰধানমন্ত্ৰীক নৰেন্দ্ৰ মোডীৰ শুভেচ্ছা

 

ডিজিটেল ডেস্ক ANEWS24X7: ব্ৰিটেইনৰ নৱ নিৰ্বাচিত প্ৰধানমন্ত্ৰী লিজ ট্ৰাছক অভিনন্দন জনায় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ সোমবাৰে ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনত ৫৭.৪ শতাংশ ভোট লাভ কৰি বিজয় সাৱস্ত কৰা ব্ৰিটেইনৰ কনজাৰ্ভেটিভ পাৰ্টিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী লিজ ট্ৰাছক অভিনন্দন জ্ঞাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে , ‘‘ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে লিজ ট্ৰাছক অভিনন্দন জনাইছো ৷ মই বিশ্বাস কৰোঁ যে আপোনাৰ নেতৃত্বত ভাৰত-ব্ৰিটেইনৰ মাজৰ কৌশলগত অংশীদ্বাৰীত্ব আৰু আধিক সম্প্ৰসাৰিত হোৱাৰ লগতে শক্তিশালী কৰা হ’ব ৷ আপোনাৰ ভূমিকা আৰু দ্বায়িত্বৰ বাবে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিলো ৷’’

আনহাতে ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনত জয় লাভ কৰা নৱ নিৰ্বাচিত প্ৰধানমন্ত্ৰী লিজে ট্ৰাছে এক টুইট কৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷ লিজে টুইট কৰি কয় যে, ‘‘কনজাৰ্ভেটিভ পাৰ্টিৰ নেতা নিৰ্বাচিত হোৱাৰ বাবে ধন্যবাদ । আমাৰ মহান দেশক নেতৃত্ব দিবলৈ মোৰ ওপৰত আপোনাৰ বিশ্বাস ৰখাৰ বাবে ধন্যবাদন । মই এই কঠিন সময়ত সকলোকে লগত লৈ যোৱাৰ লগতে আমাৰ অৰ্থনীতিৰ বিকাশ আৰু দেশৰ প্ৰতিষ্ঠান শক্তিশালী কৰাৰ বাবে সাহসী পদক্ষেপ গ্ৰহণ কৰিম।’’

উল্লেখ্য যে ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনত ব্ৰিটেইনৰ কনজাৰ্ভেটিভ পাৰ্টিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী লিজ ট্ৰাছে ৫৭.৪ শতাংশ ভোট লাভ কৰাৰ বিপৰিতে ঋষি চুনাকে লাভ কৰিছিল ৪২.৬ শতাংশ ভোট ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments