Thursday, November 7, 2024
Homeবিজ্ঞানদুবাৰৰ বিফলতাৰ পিছত পুনৰ চন্দ্ৰ অভিমুখে নাছাই প্ৰেৰণ কৰিব আৰ্টেমিছ- ১ যান

দুবাৰৰ বিফলতাৰ পিছত পুনৰ চন্দ্ৰ অভিমুখে নাছাই প্ৰেৰণ কৰিব আৰ্টেমিছ- ১ যান

 

ডিজিটেল ডেস্ক, ANEWS24X7: প্ৰথম আৰু দ্বিতীয় প্ৰচেষ্টা বিফল হোৱাৰ পিছত নাছাই আজি পুনৰ ফ্লৰিডাৰ পৰা চন্দ্ৰলৈ উৎক্ষেপণ কৰিব আৰ্টেমিছ- ১ যান। প্ৰায় ৫০ বছৰ আগৰ ডুখৰীয়া ছবিবোৰ আজি আকৌ বিশ্ববাসীৰ সন্মুখত জিলিকি উঠিব। ৫০ বছৰ পূৰ্বে নাছাই চন্দ্ৰলৈ এপলো যান প্ৰেৰণ কৰি চলাইছিল প্ৰথমটো চন্দ্ৰ অভিযান।

গ্ৰীক দেৱীৰ নামৰে নামাংকিত আৰ্টেমিছ ১ যান খন ভাৰতীয় সময় অনুসৰি প্ৰায় ৬ বজাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা চন্দ্ৰলৈ প্ৰেৰণ কৰাৰ কথা আছিল নাছাই। কিন্তু যান খনত দেখা দিয়া যান্ত্ৰিক বিজুতিৰ বাবে নাছাই নতুন মহাকাশযান উৎক্ষেপণ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। নাছাৰ সূত্ৰই প্ৰকাশ কৰা মতে আৰ্টেমিছ ১ ক নাছাৰ ‘গভীৰ মহাকাশ অন্বেষণ’ অভিযানৰ অংশ হিচাপে প্ৰেৰণ কৰা হ’ব।

যদি এই অভিযান সফল হয় তেন্তে নাছাই ২০২৪ চনত চন্দ্ৰলৈ মহাকাশচাৰী প্ৰেৰণ কৰিব। ইয়াৰ বাবে মহাকাশচাৰী চন্দ্ৰলৈ যাবলগীয়া যানৰ আৰ্হিও তৈয়াৰ কৰা হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments