Monday, March 30, 2026
Homeৰাষ্ট্ৰীয়LPG চিলিণ্ডাৰৰ পিছত আন এক ডাঙৰ সিদ্ধান্ত ল’লে কেন্দ্ৰীয় চৰকাৰে!

LPG চিলিণ্ডাৰৰ পিছত আন এক ডাঙৰ সিদ্ধান্ত ল’লে কেন্দ্ৰীয় চৰকাৰে!

মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতিৰ বাবে জনসাধাৰণৰ মাজত ইন্ধনৰ যোগানক লৈ উদ্বেগ সৃষ্টি হৈছে। কাৰণ, যদিও হৰমুজ প্ৰণালীৰে ইন্ধনৰ জাহাজ চলিছে, তথাপিও এই প্ৰক্ৰিয়া সাধাৰণতকৈ লেহেমীয়া। এনে পৰিস্থিতিত কেন্দ্রীয় চৰকাৰে LPG সন্দর্ভত কেতবোৰ গাইডলাইন জাৰি কৰিছে৷ কিন্তু একে সময়তে সাধাৰণ ৰাইজক আশ্বাস দিয়া হৈছে যে দেশত পৰ্যাপ্ত পৰিমাণৰ LPG আছে।

ইতিমধ্যে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীগৰাকীয়ে এই পৰিস্থিতি সন্দৰ্ভত বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এক বৈঠকত মিলিত হৈছে। এতিয়া কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰালয়ে জাৰি কৰিছে নতুন গাইডলাইন।

ইৰান-ইজৰাইলৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত ইন্ধনৰ সংকটৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰই দেওবাৰে ঘোষণা কৰে যে পেট্ৰলিয়াম সুৰক্ষা আৰু অনুজ্ঞাপত্ৰৰ নিয়মত সামান্য শিথিলতা প্ৰদান কৰা হৈছে। ইয়াৰ ফলত ঘৰুৱা কেৰাচিন তেলৰ যোগানত কোনো ধৰণৰ নাটনি বা ব্যাঘাত নপৰে বুলি ধাৰণা কৰা হৈছে।কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে এক নিৰ্দেশ জাৰি কৰি ২১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৰন্ধন আৰু পোহৰৰ বাবে অতিৰিক্ত কেৰাচিন তেল যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে। আগন্তুক ৬০ দিনৰ বাবে বিশেষ সিদ্ধান্ত লোৱা হৈছে।

ঘোষণা কৰা হৈছে যে নিয়ম শিথিল কৰি ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহে আগন্তুক ৬০ দিনলৈ পেট্ৰ’ল পাম্প আৰু বিভিন্ন খুচুৰা প্ৰতিষ্ঠানৰ পৰা কেৰাচিন তেল বিক্ৰী কৰিব পাৰিব।

মন্ত্ৰালয়ে কয় যে, “১৯৩৪ আৰু ২০০২ চনৰ সাধাৰণ সুৰক্ষা আৰু অনুজ্ঞাপত্ৰৰ নিয়ম কিছু সময়ৰ বাবে শিথিল কৰা হ’ব পাৰে।” অধিসূচনাখনত কোৱা হৈছে যে, “কেন্দ্ৰীয় চৰকাৰে ব্যতিক্ৰমী ক্ষেত্ৰত আদেশৰ জৰিয়তে যিকোনো শ্ৰেণীৰ পেট্ৰলিয়ামক এই আইন বা ইয়াৰ উপ-ধাৰাসমূহৰ যিকোনো ব্যৱস্থাৰ পৰা ৰেহাই দিব পাৰে, যিবোৰ চৰ্ত আৰোপ কৰা হ’ব পাৰে।”

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments