Monday, July 7, 2025
Homeঅসমতামুলপুৰত ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা সম্পৰ্কীয় সভা

তামুলপুৰত ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা সম্পৰ্কীয় সভা

ডিজিটেল ডেস্ক, ৩ জুনঃ অহা ২৫ আৰু ২৬ জুনত তামুলপুৰ জিলাত ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ কেম্পেইন অনুষ্ঠিত হ’ব। তদুপলক্ষে আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অতিৰিক্ত আয়ুক্ত ডঃ দীপাংকৰ নাথৰ পৌৰোহিত্যত এখন সভা অনুষ্ঠিত হয়।

সভাত ডঃ নাথে খণ্ড উন্নয়ন বিষয়া, চক্ৰ বিষয়া, শিক্ষা বিষয়া, সমাজকল্যাণ বিষয়া আদিক খণ্ড, ভিচিডিচি, গাঁও আদি বিভিন্ন পৰ্যায়ত সমিতি গঠন কৰি অসুৰক্ষিত শিশু তথা পৰিয়ালসমূহক চিনাক্ত কৰিবলৈ আহ্বান জনায়। বিভিন্ন পৰ্যায়ত এই শিশু তথা পৰিয়ালসমূহক চিনাক্ত কৰাৰ পাছত এই সম্পৰ্কীয় সকলো তথ্য অহা ২৫ আৰু ২৬ জুনত আয়োগৰ প্ৰতিনিধিৰ সন্মুখত দাখিল কৰিবলৈ অতিৰিক্ত আয়ুক্ত ডঃ নাথে বিষয়াসকলক আহ্বান জনায়‌। আজিৰ সভাত সহকাৰী আয়ুক্ত কবিতা ফাংছ’ৰ উপৰি সংশ্লিষ্ট বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে বুলি তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments