Saturday, July 5, 2025
Homeউত্তৰ-পূৱমেঘালয়ত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ব্যৱস্থা 

মেঘালয়ত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ব্যৱস্থা 

ডিজিটেল ডেস্ক ANEWS24X7:  ৰাজ্যখনৰ বিদ্যালয়-মহাবিদ্যালয়সমূহত ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) কাৰ্যকৰী কৰাৰ বাবে মেঘালয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে।এই কথা মঙলবাৰে (২৯ আগষ্ট) মেঘালয় শিক্ষা বিভাগৰ উপদেষ্টা হিমালয় চাংপ্লিয়াঙে অৱগত কৰে।শ্বাংপ্লিয়াঙে জনোৱা মতে, মেঘালয় শিক্ষা বিভাগে ইতিমধ্যে ৰাজ্যৰ মহাবিদ্যালয়সমূহত এন ই পি ৰূপায়ণ আৰম্ভ কৰিছে।তদুপৰি তেওঁ কয় যে মেঘালয়ত বিদ্যালয় পৰ্যায়ত ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) ৰূপায়ণৰ বাবে “অবিৰত প্ৰস্তুতি” আৰম্ভ হৈছে।

এন ই পি সন্দৰ্ভত এন ই হুৰ উপাচাৰ্য (ভি চি)ৰ ১২ জুলাইৰ আদেশ প্ৰত্যাহাৰ কৰাৰ বাবে এম চি টি এৰ দাবীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্বাংপ্লিয়াঙে কয় যে “বিষয়টো আলোচনা চলি আছে”।মেঘালয়ৰ শিক্ষা বিভাগৰ উপদেষ্টা হিমালয় শ্বাংপ্লিয়াঙে কয় যে, ‘এন ই এইচ ইউৰ উপাচাৰ্যই এম চি টি এক আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছে আৰু মই আশা কৰিছো যে বিষয়সমূহ সমাধান কৰিব পৰা যাব, গতিকে আমি বিশ্ববিদ্যালয়ৰ বুদ্ধিমত্তাৰ ওপৰত এৰি দিছো।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments