Sunday, July 6, 2025
Homeঅসমগুৱাহাটীত ৰাষ্ট্ৰীয় হাপকিডো ইনষ্ট্ৰাকটৰ আৰু ৰেফাৰী কৰ্মশালা আৰম্ভ

গুৱাহাটীত ৰাষ্ট্ৰীয় হাপকিডো ইনষ্ট্ৰাকটৰ আৰু ৰেফাৰী কৰ্মশালা আৰম্ভ

গুৱাহাটী, ২ ফেব্ৰুৱাৰীঃ নৱগঠিত হাপকিডো অসমৰ উদ্যোগত শুকুৰবাৰৰ পৰা গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পস্থিত দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত তৃতীয় সংখ্যক ৰাষ্ট্ৰীয় হাপকিডো ইনষ্ট্ৰাকটৰ আৰু ৰেফাৰী কৰ্মশালা আৰম্ভ হৈছে। এই কৰ্মশালাত ১৮খন ৰাজ্যৰ ৯০ জন ইনষ্ট্ৰাকটৰ আৰু ৰেফাৰীয়ে অংশগ্রহণ কৰিছে।

আজি বিয়লি অনুষ্ঠিত কৰ্মশালাটোৰ উদ্বোধনী অনুষ্ঠানত দক্ষিণ এছীয় হাপকিডো ফেডারেশ্বনৰ সভাপতি কালি বাহাদুৰ ঘাৰটি মগৰ, অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ আৰু হাপকিডো এছোচিয়েশ্বন অৱ ইণ্ডিয়াৰ সচিব প্ৰধান ৰূপকমল নন্দি উপস্থিত থাকে।

তদুপৰি হাপকিডো অসমৰ সভাপতি ভাস্কৰ ৰঞ্জন দাস, কাৰ্যকৰী সভাপতি ৰাজ কাকতি, উপ সভাপতি প্ৰাঞ্জল বৰুৱা, ধ্ৰুৱজ্যোতি কলিতা, দিপা চৌধুৰী, সাধাৰণ সম্পাদক ইমদাদুল হক, কোষাধ্যক্ষ সুশীল শৰ্মা আৰু যুটীয়া সম্পাদক অনামিকা বৰ্মণ দাস এই অনুষ্ঠানত উপস্থিত থাকে। ৰাষ্ট্ৰীয় হাপকিডো ইনষ্ট্ৰাকটৰ আৰু ৰেফাৰী কৰ্মশালাটো ৪ ফেব্ৰুৱাৰীত অন্ত পৰিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments