ডিজিটেল ডেস্ক, ৫জানুৱাৰী: ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজ আই এন এছ চেন্নাইয়ে জলদস্যুই অপহৰণ কৰা লাইবেৰিয়াৰ পতাকা থকা এখন জাহাজ উদ্ধাৰৰ বাবে ছোমালিয়াৰ উপকূলত উপস্থিত হৈছে বুলি সূত্ৰই ইণ্ডিয়া টুডে টিভিক জনাইছে। সূত্ৰই জনোৱা মতে, অপহৰণ কৰা মালবাহী জাহাজখনত নৌসেনাৰ মেৰিন কমাণ্ডো বা মাৰ্কছে চেনিটাইজেচন অভিযান চলাবলৈ নামিছে।
অপহৃত জাহাজ এম ভি লিলা নৰ্ফকত ১৫ জন ভাৰতীয় লোক।
ভাৰতীয় যুদ্ধজাহাজখনে হেলিকপ্টাৰ উৎক্ষেপণ কৰি হাইজেক কৰা জাহাজখন পৰিত্যাগ কৰিবলৈ জলদস্যুক সকীয়াই দিয়ে। সূত্ৰই জনোৱা মতে, জাহাজত থকা ভাৰতীয় ক্ৰুসকল নিৰাপদ।
প’ৰ্ট ডু আকো (ব্ৰাজিল)ৰ পৰা আহি বাহৰেইনৰ খলিফা বিন ছলমান অভিমুখে আহিছিল মালবাহী জাহাজখন। ছোমালিয়াৰ পৰা ৩০০ নটিকেল মাইল পূবে জলদস্যুই ইয়াক অপহৰণ কৰিছিল।
ভাৰতীয় নৌসেনাৰ বিবৃতিত কোৱা হৈছে যে বণিক জাহাজখনে ইউনাইটেড কিংডম মেৰিটাইম ট্ৰেড অপাৰেচন (ইউকেএমটিঅ’) পৰ্টেলত বাৰ্তা প্ৰেৰণ কৰি কয় যে যোৱা ৪ জানুৱাৰীৰ সন্ধিয়া পাঁচৰ পৰা ছয়জন অজ্ঞাত সশস্ত্ৰ জোৱান উঠিছিল।
আই এন এছ চেন্নাইক ডাইভাৰ্ট কৰি জাহাজখনক সহায় কৰিবলৈ নিয়োগ কৰা হৈছিল বুলি নৌসেনাই জনোৱা মতে, শুকুৰবাৰে হাইজেক কৰা জাহাজখনৰ ওপৰেৰে এখন নৌসেনাৰ বিমানে উৰি গৈছিল আৰু ইয়াৰ সৈতে যোগাযোগ স্থাপন কৰিছিল।
আদন উপসাগৰ আৰু আৰব সাগৰ অঞ্চলৰ সমীপত সংঘটিত অনুৰূপ ঘটনাৰ শেহতীয়া এই অপহৰণ কাণ্ড। ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি ইয়াৰ কাৰণ হ’ল ইৰাণ সমৰ্থিত হাউথী বিদ্ৰোহীৰ আক্ৰমণ বিফল কৰিবলৈ আমেৰিকাৰ নেতৃত্বত নৌসেনা বাহিনীয়ে লোহিত সাগৰৰ ফালে মনোযোগ আঁতৰাইছে