Sunday, March 29, 2026
Homeঅসমবাবা ৰামদেৱকো কোনে দান দিছে চৰকাৰী ভূমি?

বাবা ৰামদেৱকো কোনে দান দিছে চৰকাৰী ভূমি?

দেওবাৰে নাওবৈচাত AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বিশাল নিৰ্বাচনী সভা। উপস্থিত তাকে গৌৰৱ গগৈ, লুৰীণজ্যোতি গগৈৰ লগতে বহুতো নেতা।

নাওবৈচা বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্রাৰ্থী ডাঃ জয়প্রকাশ দাসৰ হৈ নিৰ্বাচনী প্রচাৰ চলায় মল্লিকাৰ্জুন খাৰ্গেয়ে। নিৰ্বাচনী সভাত বিজেপি আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে। তেওঁ প্ৰশ্ন কৰে যে- আদানিক কোনে ১২ হাজাৰ বিঘা ভূমি দান দিছে? বাবা ৰামদেৱকো কোনে দান দিছে চৰকাৰী ভূমি?

বিজেপিয়ে ‘সৱ কা সাথ, সৱ কা বিকাশ’ শ্লোগান দি সকলো ধ্বংসহে কৰিলে বুলি মন্তব্য কৰে জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে। তেওঁ লগতে কয়- ‘দেশৰ বাবে কেতিয়াও যুঁজা নাই, কেতিয়াও প্রাণ দিয়া নাই বিজেপিৰ নেতা-কৰ্মীয়ে। বিজেপিয়ে দেশত কেৱল হাহাকাৰ লগাই আছে।’

ইন্দিৰা গান্ধীয়ে দেশক এক কৰি ৰখাৰ চেষ্টা কৰি প্রাণ আহুতি দিছিল বুলি উল্লেখ কৰি মল্লিকাৰ্জুন খাৰ্গেয়ে লগতে কয়- ‘হিংসাজৰ্জৰ মণিপুৰলৈ যাবলৈ বিজেপিৰ কাৰো সাহস নহ’ল। একমাত্র ৰাহুল গান্ধীয়ে মণিপুৰ ভ্রমণ কৰিছিল, পদযাত্রা কৰিছিল। কিন্তু প্রধানমন্ত্রী মোডীক মণিপুৰক বিচাৰি পাবলৈ দুবছৰ সময় লাগিল।’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments