ডিজিটোল ডেস্ক, ANEWS24X7: এনচিপিৰ মুৰব্বী শৰদ পাৱাৰক মৃত্যুৰ ভাবুকি দি গ্ৰেপ্তাৰ বিহাৰৰ এজন ব্যক্তি ৷ মুম্বাই আৰক্ষীয়ে বিহাৰৰ পৰা নাৰায়ণ কুমাৰ চোনি নামৰ ব্যক্তি জনক গ্ৰেপ্তাৰ কৰে ৷
মঙলবাৰে শৰদ পাৱাৰৰ বাসগৃহ ‘চিলভাৰ অক’ত ফোন কৰি শৰদ পাৱাৰক গুলীয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছিল ৷ আৰক্ষীয়ে ধৃত নাৰায়ণ কুমাৰ চোনি এজন মানসিকভাৱে অস্থিৰ ব্যক্তি বুলি জানিব দিয়ে ৷ খবৰ অনুসৰি নাৰায়ৰ পত্নী আন পুৰুষৰ সৈতে পলাই গৈছিল ৷
সেই সময়ত নাৰায়ণে শৰদ পাৱাৰৰ ওচৰলৈ গৈ অভিযোগ কৰিছিল ৷ কিন্ত পাৱাৰে নাৰায়ণৰ কথাত মনোযোগ দিয়া নাছিল ৷ তেতিয়াৰে পৰা পাৱাৰৰ ওপৰত খং আছিল নাৰায়ণৰ ৷ গতিকে পাৱাৰত হত্যাৰ ভাবুকি দি ভয় খুৱাব বিচাৰিছিল ৷
উল্লেখ্য যে নাৰায়ণ বিগত ১০ বছৰ ধৰি পুনেৰ বাসিন্দা ৷ পাৱাৰক মৃত্যুৰ ভাবুকি প্ৰদান কৰাৰ পিছতে মুম্বাই আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰে ৷ অনুসন্ধানত নাৰায়ণে মৃত্যুৰ ভাবুকি প্ৰদান কৰা বুলি আৰক্ষী নিশ্চিত হয় আৰু তাৰ পিছতে গ্ৰেপ্তাৰ কৰে ৷