বৰপেটা বিধানসভা সমষ্টিৰ এনডিএ তথা অসম গণ পৰিষদৰ প্ৰাৰ্থী দীপক কুমাৰ দাসৰ হৈ আজি নিৰ্বাচনী প্ৰচাৰ চলাই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।
বৰপেটাৰ ৰাখাল থান খেলপথাৰত এই উপলক্ষে আয়োজিত সভাখনত বিজেপিৰ জ্যেষ্ঠ নেতা জনে কয় যে অসমৰ গৌৰৱময় ইতিহাস আছে।
অসমৰ সমৃদ্ধ পৰম্পৰাই এক ভাৰত শ্ৰেষ্ঠ ভাৰতক শক্তিশালী কৰিছে।
লাচিত বৰফুকনৰ পৰাক্ৰম ভাৰতৰ শক্তিৰ প্ৰতীক ।
সেই অসমত এনডিএৰ দ্বৈত ইঞ্জিনৰ চৰকাৰে বিকাশৰ ঢল নমাইছে।
ড০ ভূপেন হাজৰিকাৰ দৰে সত্বা ভাৰতৰ গৌৰৱ ।
গোপীনাথ বৰদলৈক ভাৰতৰত্ন দিছিল নৰেন্দ্ৰ মোদীৰ চৰকাৰ।
সেই এনডিএ চৰকাৰে দহ বছৰতে অসমত উন্নয়ন বহু ওপৰলৈ লৈ গৈছে।
ইয়াৰ বিপৰীতে কংগ্ৰছৰ চৰকাৰে অসমৰ ইতিহাসক অপমানিত কৰিছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উন্নয়ন দূৰত থৈ দিছিল কংগ্ৰেছে।
আজি অসমৰ যোগাযোগ ব্যৱস্থাত অভাৱনীয় পৰিৱৰ্তন আহিছে।
এনডিএ চৰকাৰে অনুপ্ৰৱেশকাৰী বিতাড়ণৰ ক্ষিপ্ৰ ব্যৱস্থা লৈছে ।
ইয়াৰ বিপৰীতে এআইইউডিএফে অনুপ্ৰৱেশকাৰীক ৰক্ষণাবেক্ষণ দি আহিছে।
কংগ্ৰেছে ইয়াত সহযোগ কৰি আহিছে।
অসমৰ জনগাঠনি সলনি কৰাৰ এই ষড়যন্ত্ৰক বিজেপি চৰকাৰে ব্যৰ্থ কৰি যাব বুলিও যোগী আদিত্যনাথে কয়।
কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলে ৰামৰ অস্তিত্বকে নস্যাৎ কৰিব বিচাৰিছিল।
উত্তৰ প্ৰদেশত আজি দংগা নাই।
পথত কোনেও নামাজ নপঢ়ে। শব্দ নাহে বিশেষ পক্ষৰ।
আইন ভংগকাৰীৰ সম্পত্তি জব্দ কৰি দুখীয়া , দলিতক ভগাই দিয়া হয়।
পুনৰ অসমৰ নিৰ্বাচনৰ সন্দৰ্ভত তেও কয় যে কংগ্ৰেছে ইতিমধ্যে নিৰ্বাচনী যুজৰ খেলপথাৰ এৰি পলায়ন কৰিছে।
সভাখনত প্ৰাৰ্থী দীপক কুমাৰ দাসক বিপুল ভোটত জয়যুক্ত কৰিবলৈ তেও ৰাইজক আহ্বান জনায়।
সভাত বৰপেটা জিলা ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ নেতৃবৃন্দও উপস্থিত থাকে।
অসমৰ ভূমিত লাভ জৈহাদ, ভূমি জেহাদ নচলিব।
কংগ্ৰেছ , এআইইউডিএফৰ ষড়যন্ত্ৰক ষড়যন্ত্ৰক ওফৰাব লাগিব।
উত্তৰ প্ৰদেশত যোৱা দহ বছৰত এটাও ডংগা নাই।
কাৰ্ফিউ নাই।
চাহ শ্ৰমিকৰ বাবে পেকেজৰ ব্যৱস্থা কেবল বিজেপিয়য়েহে কৰিব পাৰে ।
কংগ্ৰেছ অথবা এআইইউডিএফে নোৱাৰে বুলি তেও কয় ।
অসমৰ জনগাঠনি সলনি হবলৈ দিয়া নহব বুলিও সকীয়াই দিয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।
সভাত বৰপেটা জিলা ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ নেতৃবৃন্দ উপস্থিত থাকে।
