Sunday, July 6, 2025
Homeঅসমযশস্বী চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ বিয়োগত শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

যশস্বী চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ বিয়োগত শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

 

ডিজিটেল ডেস্ক, ANEWS24X7: যশস্বী চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ বিয়োগত শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক টুইট যোগে গভীৰ শোক প্ৰকাশ কৰিছে ৷

বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ বিয়োগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰি কয় যে,‘‘শ্ৰদ্ধাৰ নীলপৱন বৰুৱাদেৱে বহু উল্লেখযোগ্য সৃষ্টিকৰ্মেৰে অসমৰ চিত্ৰকলাৰ জগতখনক এক নতুন মাত্ৰা প্ৰদান কৰি থৈ গৈছে। ৰং-তুলিকাৰে সৃষ্টিশীলতাৰ পৃথিৱীখনত নিজৰ এক সুকীয়া পৰিচয় দাঙি ধৰা বৰুৱাদেৱৰ মানৱীয় প্ৰমূল্যবোধ, অনন্য কলাশৈলী আৰু সহজ-সৰল ব্যক্তিত্বই আমাক অত্যন্ত মুগ্ধ কৰিছিল। তেখেতৰ প্ৰয়াণত গভীৰভাৱে মৰ্মাহত হৈছোঁ।”

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments