Thursday, March 12, 2026
Homeঅসমউচ্ছেদৰ ক্ষেত্ৰত অকল মিঞা মুছলমানক টাৰ্গেট কৰি লৈছে চৰকাৰে

উচ্ছেদৰ ক্ষেত্ৰত অকল মিঞা মুছলমানক টাৰ্গেট কৰি লৈছে চৰকাৰে

কাৰ্বি আংলংত যদি মিঞা সকল PGR/VFR/FOREST LAND অথবা চৰকাৰী মাটিত বসৱাস কৰিলেহেতেন তেনেহলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেতিয়াবাই উচ্ছেদ কৰিলেহেতেন ।

উচ্ছেদৰ ক্ষেত্ৰত অকল মিঞা মুছলমানক টাৰ্গেট কৰি লৈছে চৰকাৰে।

সকলোৱে মানুহ গতিকে সকলোৰে ক্ষেত্ৰত চৰকাৰে মানৱিয়তাৰ দৃষ্টিৰে চাব লাগে ।

কোকৰাঝাৰত উপস্থিত হৈ নেমছু’ৰ সভাপতি বদৰুল ইছলামে এই মন্তব্য কৰিছে।

তদুপৰি নেমছু’ৰ সভাপতি বদৰুল ইছলামে সংবাদমাধ্যমৰ আগত কয় যে আমি কাৰ্বি ৰাইজ আৰু কাৰ্বি আংলংৰ প্ৰকৃত স্থায়ী বাসিন্দাৰ লগত আছোঁ।

চৰকাৰে কাৰ্বি আংলঙৰ সমস্যাটোৰ স্থায়ী সমাধান কৰিব লাগে।

তাৰোপৰি সকলোপক্ষই শান্তি-সম্প্ৰতি বজাই ৰাখিব লাগে।

মিঞাসকল অসমৰ সমস্যা নহয় বৰং একাংশ ৰাজনীতিবিদে ৰাজনৈতিক স্বাৰ্থত সৃষ্টি কৰা এজাক ৰাজনৈতিক ধুমুহা মাথোন।

যাৰ জৰিয়তে সহজে গাদী দখল কৰিব পাৰি আৰু মূল সমস্যাৰ তল পেলাব পাৰি।

মিঞা হৈছে সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ যন্ত্ৰ আৰু ৰাজনৈতিক নেতাই মাৰে মহামন্ত্ৰ।

ইফালে নলবাৰীত বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ কৰ্মকৰ্তাই পৱিত্ৰ বৰদিন উদযাপনৰ বাবে বাধা দিয়া কার্যকো গৰিহণা প্ৰকাশ কৰিছে নেমছু’ৰ সভাপতি বদৰুল ইছলামে।

তাৰোপৰি বদৰুল ইছলামে কয় যে ধৰ্মনিৰপেক্ষ দেশত নিজৰ নিজৰ ধৰ্ম পালন কৰিবলৈ বাধা দিবলৈ কোনেও নোৱাৰে সেয়া বজৰং দলেই হওঁক বা অন্য কোনোবা দলেই হওঁক।

পৱিত্ৰ বৰদিনৰ সময়ত অসমৰ খ্ৰীষ্টান ভাই ভনী বা মা-দেউতাক আঘাত দিয়াটো সম্পূৰ্ণ আইন বিৰোধী।

নলবাৰীত বাধা দিয়া সকলক আৰক্ষীয়ে আইনগত ব্যৱস্থা লোৱা বাবে অসম আৰক্ষী আৰু অসম চৰকাৰক ধন্যবাদ জনাইছে নেমছু’ৰ সভাপতি বদৰুল ইছলামে।

খ্ৰীষ্টান আৰু মুছলমান লোকক অন্ন্যায় আৰু অত্যাচাৰ কৰিলে বহুলোক আৰু দল-সংগঠনে প্ৰতিবাদ কৰিবলৈ টান পায়।

সকলোৱে নিজৰ নিজৰ ধৰ্ম পালন কৰাৰ লগতে মানৱ ধৰ্ম পালন কৰিলে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধ অটুট থাকিব।

এটা ধৰ্মৰ মানুহে অন্য এটা ধৰ্মক লৈ ঘৃণা বিয়পাব নোৱাৰে বা বাধা দিব নোৱাৰে তাৰবাবে কঠোৰ আইন প্ৰণয়ন কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে নেমছু’ৰ সভাপতি বদৰুল ইছলামে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments