ডিজিটেল ডেস্ক, ১১জুলাইঃ যান বাহনৰ চালক আৰু মালিকৰ বাবে ডাঙৰ খবৰ। দেশত আহি গ’ল নতুন নিয়ম।ৰাজপথত বাহন চলাওঁতে যদি ট্ৰেফিক আইন ভংগ কৰে তেনেহ’লে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব পাৰে আপুনি । সুৰাপায়ী চালকক নাকী লগাবলৈ দেশত আহি গ’ল এই নতুন নিয়ম। সুৰাপান কৰি গাড়ী চলালেই কঠোৰ শাস্তি বিহা হ’ব। আপুনি যদি সুৰা সেৱন কৰি বাহন চলাই তেনেহ’লে প্ৰশাসনৰ দৃষ্টিত অপৰাধী হ’ব।
নীতি সুৰাপায়ী চালকৰ বিৰুদ্ধে প্ৰশাসনৰ কোনো দয়া,ক্ষমা নাই। সুৰা সেৱন কৰি বাহন চলালেই চালকৰ অনুজ্ঞাপত্ৰ জব্দ কৰা হ’ব। লগতে ৩ মাহলৈ কৰ্তন কৰা হ’ব প্ৰথমবাৰৰ বাবে এই অপৰাধ কৰাসকলৰ লাইচেন্স। যিয়ে এই অপৰাধ বাৰে বাৰে কৰে তেওঁলোকৰ বাবে অধিক কঠোৰ শাস্তি হ’ব। ইয়াৰোপৰি সঘনাই এনে কাম কৰাজনৰ লাইচেন্স সম্পূৰ্ণৰূপে কৰ্তন কৰা হ’ব আৰু বৃহৎ পৰিমাণৰ জৰিমনা ভৰিব লাগিব। প্ৰথমবাৰৰ বাবে এই অপৰাধ কৰাসকলে ভৰিব লাগিব ১০ হাজাৰ টকাৰ জৰিমনা আৰু বাৰে বাৰে অপৰাধ কৰাজনে ২০ হাজাৰ টকা জৰিমনা ভৰিব লাগিব।
ইয়াৰ উপৰিও জে’ললৈ যাব লাগিব। ইতিমধ্যে পুনে পৰিবহণ বিভাগে সুৰাপান কৰা চালকৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰিছে।