ডিজিটেল ডেস্ক ANEWS24X7: ৰে’ল যাত্ৰাত এটা কথা আছে সঠিক সময়ত ষ্টেচনত উপস্থিত হ’বলৈ নোৱাৰিলে দিনটো নষ্ট হয় ৷ যাতে আপোনাৰ দিনটো নষ্ট নহয় আপোনাৰ কামত খেলিমেলি নহয় তাৰ বাবে ৰে’ল যাত্ৰী সকলক দিব ওলাইছো এটা গুৰুত্বপূৰ্ণ খবৰ ৷ উত্তৰ-পূব সীমান্ত ৰে’লৱে কেইবাখনো যাত্ৰীবাসী ৰে’লৰ সময়সূচী সলনি কৰিছে।
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ১৫৪১৭ নং আলিপুৰদুৱাৰ জংচন–শিলঘাট টাউন ৰাজ্য ৰাণী এক্সপ্ৰেছ ৰে’লখন প্ৰতি মঙলবাৰ, শুকুৰবাৰ আৰু দেওবাৰে পুৱা ৭ বাজি ৩৫ মিনিটত নগাঁৱত উপস্থিত হ’ব আৰু ৭ বাজি ৪০ মিনিটত প্ৰস্থান কৰিব। এই নিয়ম ১৯ আগষ্ট, ২০২২ তাৰিখৰ পৰা কাৰ্যকৰী হৈছে ৷ আনহাতে ১৫৪১৮ নং শিলঘাট টাউন-আলিপুৰদুৱাৰ জংচন ৰাজ্য ৰাণী এক্সপ্ৰেছ ৰে’লখন প্ৰতি বুধবাৰ, শনিবাৰ আৰু সোমবাৰে নগাঁৱত বিয়লি ৬ বাজি ৩৮ মিনিটত উপস্থিত হ’ব আৰু ৬ বাজি ৪৩ মিনিটত প্ৰস্থান কৰিব। এই নতুন সময়সূচী অহা ২০ আগষ্ট, ২০২২ তাৰিখৰ পৰা কাৰ্যকৰী হ’ব ৷
ইয়াৰ উপৰিও ১৫৬৩৫ নং ওখা-গুৱাহাটী দ্বাৰকা এক্সপ্ৰেছ ৰে’লখন ১৯ আগষ্ট তাৰিখে ওখাৰ পৰা যাত্ৰা আৰম্ভ কৰি ২০ আগষ্টৰ পুৱা ৫ বাজি ১৯ মিনিটত ভৱানী মাণ্ডি ষ্টেচন গৈ পাব আৰু ৫ বাজি ২০ মিনিটত এই ষ্টেচনৰ পৰা প্ৰস্থান কৰিব। গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰিবলগীয়া ১৫৬৩৬ নং গুৱাহাটী-ওখা দ্বাৰকা এক্সপ্ৰেছ ৰেলখনৰ ২৪ আগষ্ট তাৰিখে পুৱা ৫ বাজি ২৯ মিনিটত ভৱানী মাণ্ডি ষ্টেচন গৈ পাব আৰু ৫ বাজি ৩০ মিনিটত এই ষ্টেচনৰ পৰা প্ৰস্থান কৰিব। আ ১৫৬৫৪ জম্মু তৱী-গুৱাহাটী অমৰনাথ এক্সপ্ৰেছ ৰেলখনে ১৯ আগষ্ট তাৰিখে যাত্ৰা আৰম্ভ কৰি ২১ আগষ্ট তাৰিখৰ ৰাতিপুৱা ৪ বাজি ২৫ মিনিটত সমস্তিপুৰ ষ্টেচনত গৈ উপস্থিত হব আৰু ৪ বাজি ৪৫ মিনিটত উক্ত ষ্টেচনৰ পৰা প্ৰস্থান কৰিব।
সংবাদ মাধ্যমক এই তথ্য প্ৰদান কৰে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে’ই। উল্লেখ্য যে ১৯ আগষ্টৰ পৰা কাৰ্যকৰি হোৱা এই নতুন সময়সূচী উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ অফিচিয়েল ৱেবচাইটত উপলব্ধ কৰা হৈছে ৷