ডিজিটেল ডেস্ক, ANEWS24X7: ৰাজ্যবাসীৰ বাবে বেয়া খবৰ।খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু নাই।শুক্ৰবাৰে GMCHত শেষ নিশ্বাস ত্যাগ কৰিলে ৰাজ্যৰ বৰেণ্য চিত্ৰশিল্পীগৰাকীয়ে।
যোৱা কিছুদিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল বৰুৱা ৷ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে কৃত্ৰিমভাৱে শ্বাস-প্ৰশ্বাস প্ৰদান কৰি থকা হৈছিল চিত্ৰশিল্পী গৰাকীক।
অৱশেষত আজি ৩.১৫ বজাত চিত্ৰশিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।