Saturday, July 5, 2025
Homeঅসমৰং-তুলিকা এৰি খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱা গুচি গ’ল অচিন দেশলৈ ..

ৰং-তুলিকা এৰি খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱা গুচি গ’ল অচিন দেশলৈ ..

 

ডিজিটেল ডেস্ক, ANEWS24X7: ৰাজ্যবাসীৰ বাবে আহিল আৰু এটা বেয়া খবৰ৷খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু আমাৰ মাজত নাই ৷

ৰং-তুলিকাৰ মায়া এৰি কেতিয়াও উভতি নহা বাটেৰে গুচি গ’ল বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা ৷ শুকুৰবাৰে দুপৰীয়া ৩ বাজি ১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে চিত্ৰশিল্পী গৰাকীয়ে।বিগত কিছু দিন ধৰি অসুস্থ হৈ থকা শিল্পী গৰাকী কেইবাদিনো ধৰি জি এম চি এইচত চিকিৎসাধীন হৈ আছিল ।

১৯৩৬ চনৰ ১ জুনত যোৰহাট জিলাৰ টীয়কত চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ জন্ম হৈছিল ।পিতৃ ‘ধ্বনি কবি’ ৰূপে খ্যাত বিনন্দ চন্দ্ৰ বৰুৱা আৰু মাতৃ লাৱণ্যপ্ৰভা বৰুৱা । ১৯৭৬ চনত কণ্ঠশিল্পী দীপালী বৰঠাকুৰৰ সৈতে বিবাহপাহত আৱদ্ধ হৈছে ৷ শান্তি নিকেতনত প্ৰদৰ্শিত চিত্ৰ আৰু পাঠদানৰ শ্ৰেণী সমূহ দেখি চিত্ৰকলালৈ আকৰ্ষিত হৈছিল নীলপৱন বৰুৱা ৷

১৯৬১ চনত শান্তি নিকেতনত যোগদান কৰিছিল ৷ চিত্ৰ কলাৰ শিক্ষা সাং কৰি বৰুৱাই শ্ৰী নিকেতনৰপৰা গ্লেজেদ পৱেট্ৰ বিষয়ত শিক্ষা গ্ৰহণ কৰিছিল। পিছলৈ বৰুৱাই নতুন দিল্লী ‘গাৰ্হি ষ্টুডিঅ’তো চিত্ৰাকংণৰ শিক্ষা গ্ৰহণ কৰিছিল।

নীলপৱন বৰুৱাৰ অংকিত চিত্ৰ ‘বিৰলা একাডমি অফ্‌ আৰ্ট এণ্ড কালচাৰ, কলিকতা’, ‘লক্ষ্ণৌ ললিত কলা একাডেমি’, ভুৱনেশ্বৰ আদি ঠাইত প্ৰদৰ্শিত কৰা হৈছিল।নীলপৱন বৰুৱাৰ অংকতি ছবিয়ে ‘ললিত কলা একাডেমি, দিল্লী’-ত অসমক প্ৰতিনিধিত্ব কৰি গৌৰাৱান্বিত কৰিছিল। ‘চাৰমিনাৰ’ চিগাৰেটৰ বাকচ আৰু জুইশলা বাকচত ক্ষুদ্ৰ ক্ষুদ্ৰ চিত্ৰ অংকন কৰি এক চিত্ৰাংকণৰ বিশেষ শৈলীৰ সৃষ্টি কৰিছিল।

চিগাৰেট খাই ভালপোৱা চিত্ৰশিল্পী জনে সত্তৰ দশকত প্ৰতিষ্ঠা কৰিছিল চিগাৰেটৰ পেকেটত অঁকা এটি বিশেষ চিত্ৰশৈলীৰ ।

শনিবাৰে দিনৰ ২ বজাত নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ব ৷ বৰ্তমান বেলতলা বাস গৃহলৈ নিয়া হৈছে প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ নশ্বৰ দেহ ৷ শনিবাৰে দিনৰ ১২ বজাৰ পৰা বেলতলা নিজৰ বাসগৃহৰ পৰা অন্তিম যাত্ৰা আৰম্ভ কৰা হ’ব ৷ নৱগ্ৰহ শ্মাশানত ৰাজ্যিক মৰ্যদাৰে সম্পন্ন কৰা হ’ব শেষকৃত্য ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments