Tuesday, March 10, 2026
Homeঅসম৯ বছৰ বয়সতে যন্ত্ৰণাকাতৰ জীৱন কটাইছে দৌলাশালৰ নীলপৱন বৰ্মনে

৯ বছৰ বয়সতে যন্ত্ৰণাকাতৰ জীৱন কটাইছে দৌলাশালৰ নীলপৱন বৰ্মনে

পখিলা খেদি ফুৰাৰ বয়সতে ফুলকুমলীয়া শিশু এটাৰ জীৱনলৈ হঠাতে নাম আহিছে অমানিশা ৷ তিনি মাহ পূৰ্বলৈকে হাঁহি ধেমালিৰে দৌৰি ফুৰি খেলি থকা মৰমলগা শিশুটিৰ এতিয়া বিচনাখনেই সংগী হৈ পৰিছে ৷ পুত্ৰৰ যন্ত্ৰণাকাতৰ জীৱন প্ৰত্যক্ষ কৰি চকুপানীৰে বাট নেদেখা অৱস্থাৰ সৃষ্টি হৈছে শিশুটিৰ পিতৃ-মাতৃ ৷ নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত দৌলাশাল গাঁৱৰ ঘামেশ্বৰ বৰ্মন আৰু চাৰু বৰ্মনৰ একমাত্ৰ পুত্ৰ সন্তান নীলপৱন বৰ্মনে এক অচিন ৰোগত যন্ত্ৰাণাকাতৰ জীৱন অতিবাহিত কৰি আছে ৷

সমনীয়াৰ স’তে খেলি ভাল পোৱা নীলপৱনৰ এতিয়া বিচনাখনেই একমাত্ৰ সংগী হৈ পৰিছে ৷ দৌলাশালস্থিত শংকৰদেৱ শিশু নিকেতনৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ নীলপৱনে যোৱা ৩ মাহ ধৰি বিচনাত শুই শুইয়েই যন্ত্ৰণাদায়ক সময় অতিবাহিত কৰিছে ৷ গুৱাহাটীৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী চিকিৎসালয়ত চিকিৎসা কৰিও সুষ্ঠ কৰি তুলিব নোৱাৰাত উপায়হীন হৈ এতিয়া উন্নত চিকিৎসাৰ বাবে বহি:ৰাজ্যলৈ নিবলৈ বিচাৰিছে যদিও অৰ্থৰ অভাৱত সেয়াও কৰিব পৰা নাই নিঃকিন পিতৃ-মাতৃয়ে ৷

দিন হাজিৰা কৰি কোনোমতে জীয়াই থকা পৰিয়ালটোৱে অসমবাসী ৰাইজৰ পৰা বিচাৰিছে সহায় ভিক্ষা ৷ যদিহে কোনো হৃদয়বান ব্যক্তিয়ে শিশুটোক আৰ্থিকভাৱে সহায় কৰিব বিচাৰে তেন্তে শিশুটিৰ মাতৃ চাৰু বৰ্মনৰ দৌলাশালস্থিত ভাৰতীয় ষ্টেট বেংকৰ 44189068896 (SBIN0018509) ত ধন জমা কৰি সহায় কৰিব পাৰে ৷ অন্যথা 7577969207 নম্বৰত ফোন কৰিও সহায় কৰিব পাৰে পৰিয়ালটিক । মৰমলগা শিশুটিয়েও কৰযোৰে সহায়ৰ প্ৰাৰ্থনা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে হৃদয়বান ৰাইজক।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments