Saturday, November 9, 2024
Homeঅসমসকলোকে কন্দুৱাই অজান দেশলৈ গ’ল বিশিষ্ট অভিনেতা নিপন গোস্বামী

সকলোকে কন্দুৱাই অজান দেশলৈ গ’ল বিশিষ্ট অভিনেতা নিপন গোস্বামী

 

ডিজিটেল ডেস্ক, ANEWS24X7: ৰাজ্যবাসীৰ বাবে এটা দুখবৰ । অসমীয়া বোলছবি জগতৰ খ্যাতনামা অভিনেতা , কেইবাটাও প্ৰজন্মৰ আদৰ্শ স্বৰূপ নিপন গোস্বামী আৰু নাই! নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে যশস্বী অভিনেতাগৰাকীয়ে ।

 

দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত বৰ্ষীয়ান অভিনেতাগৰাকী অসুস্থ হৈ পৰাত দেওবাৰে নেমকেয়াৰ হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল । বৃহস্পতিবাৰে পুৱা ৯.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা গৰাকীয়ে ।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ ।

অসমীয়া ছবিজগতৰ মহীৰুহ স্বৰূপ অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁৰ গুণমুগ্ধসকল আহি ভিৰ কৰিছে হাস্পাতালত । জীৱন কালত ১০০-ৰো অধিক ছবিত অভিনয় কৰিছিল বৰ্ষীয়ান অভিনেতাগৰাকীয়ে । ১৯৫৭ চনত মুক্তিপ্ৰাপ্ত ফণী শৰ্মাৰদ্বাৰা পৰিচালিত ‘পিয়লি ফুকন’ৰ জৰিয়তে অসমীয়া ছবি জগতত ভুমুকি মাৰিছিল । তাৰ পাছত তেওঁ ‘সংগ্ৰাম’ৰ ছবিত , নায়ক হিচাপে ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত ‘ডক্তৰ বেজবৰুৱা’ ছবিত অভিনয় কৰিছিল ।

‘ডাঃ বেজবৰুৱা’ ছবিত অভিনয়ৰ জৰিয়তে সমগ্ৰ ৰাজ্যতে আলোড়নৰ সৃষ্টি কৰিছিল । নিপন গোস্বামী অভিনীত ছবিসমূহৰ অন্যতম ছবি হৈছে ককা দেউতাৰ নাতি আৰু হাতী, আজলি নবৌ, কাল সন্ধ্যা ,শকুন্তলা আৰু শংকৰ যোছেফ আলি, মৰীচিকা, কাদম্বৰী , তুমি আহিবানে, পলে পলে উৰে মন, বান্ধৈ, সৰু বোৱাৰী , হিয়া দিয়া নিয়া,তুমি মোৰ মাথোঁ মোৰ, পুৰৱ কী আৱাজ , গানে কি আনে, শৈশৱতে ধেমালিতে আদি বহু ছবিত অভিনয় কৰিছিল ।২০২১ত তেখেতক ড০ ভবেন্দ্ৰনাথ শইকীয়া বঁটাৰে সন্মানিত কৰা হৈছিল । বিশিষ্ট অভিনেতাজনৰ বিয়োগত শোকত ম্ৰিয়মান হৈ পৰে সমগ্ৰ ৰাজ্যবাসী ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments