নিউজ ডেস্ক, ANEWS24X7: চিত্ৰশিল্পী জিন্টুমণিৰ হাতৰ পৰশত প্ৰাণ পাই উঠিল ‘শংকৰ যোছেফ আলী’ ।
জালুকবাৰীৰ উৰণীয়া সেঁতুৰ দেৱালত অংকন ‘শংকৰ যোছেফ আলী’।
বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ স্মৃতিত অংকন কৰা হৈছে এই ছবি খন । নিশাটোৰ ভিতৰতে অংকন কৰি উলিয়াইছে এই ছবিখন।
ছবিৰ লগত চিত্ৰশিল্পী জিন্টুমণিয়ে লিখিছে যে , “জানো, শংকৰ যোছেফ আলিয়ে অট’খন লৈ ক’লৈনো গুছি গ’ল…Tribute to Nipon Goswami”।
নিপন গোস্বামীৰ ছবিৰ লগতে উক্ত শাৰীৰে স্মৰণ কৰিছে শিল্পীগৰাকীৰ কৰ্মৰাজী ও অসমীয়া চলচিত্ৰত তেওঁৰ অৱদান। জালুকবাৰী উৰণীয়া সেঁতুত বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ এই বিশেষ ছবিখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।