ডিজিটেল ডেস্ক ANEWS24X7: সমাগত ২০২৪ ৰ লোকসভা নিৰ্বাচন ৷ বিহাৰৰ পৰা আৰম্ভ হোৱা ৰাজনৈতিক পৰিৱৰ্তনৰ প্ৰভাৱ এতিয়া পৰিছে সমগ্ৰ দেশৰ ৰাজনীতিত ৷ এনে প্ৰেক্ষাপটত এনচিপিৰ সভাপতি শাৰদ পাৱাৰৰ নতুন দিল্লীৰ বাসগৃহত সাক্ষাৎ কৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৷
এনচিপিৰ সভাপতি শাৰদ পাৱাৰক সাক্ষাৎ কৰাৰ পিছত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷
মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় যে ,‘‘ আমি সকলোকে একত্ৰিত কৰাত নিয়োজিত হৈ আছো । আমাৰ প্ৰয়াস হ’ব আমি সকলোকে এটা মঞ্চলৈ অনা ।’’ নীতিশ কুমাৰে খুব স্পষ্টকৈ কয় যে তেওঁ বিৰোধীৰ প্ৰধানমন্ত্ৰী পদৰ মুখ নহয় । সকলোৱে একেলগলৈ সন্মিলিত ভাবে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব ।