Wednesday, March 11, 2026
Homeঅসম‘‘প্ৰথমা পত্নী থকাৰ পাছত পাতিব নোৱাৰিব দ্বিতীয় বিবাহ, দ্বিতীয় বিবাহ কৰালে ৭...

‘‘প্ৰথমা পত্নী থকাৰ পাছত পাতিব নোৱাৰিব দ্বিতীয় বিবাহ, দ্বিতীয় বিবাহ কৰালে ৭ বছৰ কাৰাদণ্ডিত হ’ব’’

শুভাৰম্ভ হ’ল ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি ‘নিযুত মইনা আঁচনি 2.0’। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত আঁচনিৰ উদ্বোধন ‘নিযুত মইনা আঁচনি 2.0’ উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। এই আঁচনিৰ জৰিয়তে ২০২৫-২৬ বৰ্ষত উপকৃত হ’ব ৩ লাখ ৫০ হাজাৰ ২৬৫ গৰাকী ছাত্ৰী

‘নিযুত মইনা আঁচনি 2.0’ উদ্বোধন কৰি গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘অসমত এনে বহু পিতৃ মাতৃ আছে যি ১৪ বছৰতে নিজৰ ছোৱালী বিয়া দিছিল। ধুবুৰী, মানকাছাৰ, নগাঁও, মঙ্গলদৈ ইত্যাদি জিলাত ৬০% লৈ বাল্য বিবাহ বৃদ্ধি পাইছিল। বাল্য বিবাহৰ বিৰুদ্ধে আমাৰ চৰকাৰখন যথেষ্ট কঠোৰ হৈছিল। বহু পিতৃ-মাতৃয়ে আৰ্থিকভাৱে দুৰ্বলতাৰ কাৰণে নিজৰ কন্যা সন্তানক বিয়া দিছিল। সকলো ছাত্ৰীৰ বাবে চৰকাৰী চাকৰি ক্ষেত্ৰত ৫০% আসন সংৰক্ষিত কৰিছোঁ। ‘নিযুত মইনা’ৰ জৰিয়তে সকলো ছাত্ৰীৰ সপোন আমি বাস্তৱায়িত কৰিছোঁ। কোনো ছোৱালীয়ে আৰ্থিক অভাৱৰ বাবে শিক্ষা আধৰুৱা কৰিব নালাগে। তেনে এখন বিকশিত অসম আমি গঢ় দিছোঁ। অসমৰ ছোৱালীয়ে আৰু বহিঃ ৰাজ্যত কাম কৰিবলৈ যাব নালাগে। এখন সমতাৰ অসম বিচাৰিছো। যিখন অসমত ছোৱালীক ঘৰৰ লখিমী বুলি ভবা হয়।’’
‘‘নাৰীৰ বিৰুদ্ধে হোৱা অপৰাধ লৈ আমি কঠোৰ হৈছো। মই কেতিয়াও মানি ল’ব নোৱাৰো এজনী ছোৱালীক এজন পুৰুষে বিয়া কৰোৱা পাছত পুৰুষজনে দ্বিতীয়, তৃতীয় বিবাহ কৰিব। এতিয়াৰ পৰা অধিক কঠোৰ হ’ব চৰকাৰ। দ্বিতীয় বিবাহ কৰোৱা পুৰুষে ৭ বছৰৰ কাৰাবাস খাটিব লাগিব। যি ধৰ্মৰে তেওঁ নহওঁক শাস্তি পাবই।’’
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments