Wednesday, July 9, 2025
Homeমনোৰঞ্জনবলিউড অভিনেতা আমিৰ খান অসুস্থ

বলিউড অভিনেতা আমিৰ খান অসুস্থ

ডিজিটেল ডেস্ক,১০ অক্টোবৰ: বিগত কিছুদিনৰ পৰা বলিউড অভিনেতা আমিৰ খান আৰু তেওৰ কণ্যা ইৰা খান অসুস্থ হৈ আছে ।আমিৰ খানৰ কন্যা ইৰা খানে মানসিক স্বাস্থ্যৰ গুৰুত্ব আৰু হতাশাৰ সৈতে যুঁজিবলৈ জনসাধাৰণৰ পৰা বিছাৰিছে সহায় ।পিতৃ কণ্যা থেৰেপিত থকা সময়তে কণ্যা ইৰাক বুজাবলৈ কয়

[আমাৰ জীৱনত বহুত কাম আছে যিবোৰ আমি কৰিব নোৱাৰো। এনে কামবোৰ সম্পূৰ্ণ কৰিবলৈ আমি আনৰ পৰা সহায় বিচাৰো, যিসকলে কামটো যথেষ্ট ভালদৰে জানে। আৰু, আমি এনে সিদ্ধান্তবোৰ অতি সহজেই লওঁ, কোনো ধৰণৰ অপৰাধবোধ বা লাজ নোহোৱাকৈ।]”

প্ৰতুত্তৰত ইৰা খানে কলে, [যেতিয়া আমাক মানসিক বা আৱেগিক সহায়ৰ প্ৰয়োজন হয়, তেতিয়া আমাক সহায় কৰিব পৰা ব্যক্তিৰ ওচৰলৈ হাত আগবঢ়াব লাগে। কোনোবা এজন যি প্ৰশিক্ষিত আৰু এজন পেছাদাৰী।]”

যিহেতু আমিৰ খান আৰু তেওঁৰ কন্যা ইৰা থেৰাপি চেচনলৈ গৈ আছে ।অনুভৱ প্ৰকাশ কৰি সহায়ৰ বাবে কয় [মই আৰু মোৰ ছোৱালীজনীয়ে থেৰাপি চেচনলৈ যোৱাৰ যথেষ্ট দিন হ’ল। যদি আপুনি অনুভৱ কৰে যে আপুনিও কোনো আৱেগিক আঘাত, মানসিক চাপ বা সমস্যাৰ মাজেৰে পাৰ হৈ গৈছে, তেন্তে আপুনিও এনে এজন ব্যক্তিক বিচাৰিব লাগে যিজন পেছাদাৰী, প্ৰশিক্ষিত আৰু আপোনাক সহায় কৰিব পৰা ব্যক্তি। লাজ কৰিবলগীয়া একো নাই।]

সকলো শুভেচ্ছা থাকিল।’- আমিৰ খানে লগতে কয়।কিছুদিন পূৰ্বে আমিৰ খানৰ কন্যা ইৰাক মানসিক স্বাস্থ্যৰ সন্দৰ্ভত সজাগতা বিয়পাই দিয়া পদক্ষেপৰ বাবেও ছলমান খানে প্ৰশংসা কৰিছিল। ইনষ্টাগ্ৰাম ষ্ট’ৰীছত এখন ফটো শ্বেয়াৰ কৰি ইৰা খান আৰু তেওঁৰ এন জি অ’ আগস্তু ফাউণ্ডেশ্যনত টেগ কৰি ছলমানে লিখিছে, “কমল হায় ইয়াৰ বাচ্চে বাদে হো গায়, বাদে ষ্ট্ৰং হো গায় হায় আৰু বাদে সমাইহদাৰ ভি…. Loved it..god bless u beta.” ৷”

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments