ডিজিটেল ডেস্ক, ANEWS24X7: ম্যানমাৰৰ ক্ষমতাচ্যুত নেত্ৰী আং চান চুকীক পুনৰ দুটা দুৰ্নীতিৰ গোচৰত আৰু ছয় বছৰৰ বাবে কৰাদণ্ড বিহা হৈছে ৷ বুুধবাৰে ম্যানমাৰৰ সামৰিক জান্তা আদালতে এই শাস্তি ঘোষণা কৰিছে ৷ ইয়াৰ জৰিয়তে বৰ্তমানলৈকে শান্তিৰ নবেল বঁটা বিজয়ী আং চান চুকীক মুঠ ২৬ বছৰৰ কাৰাদণ্ড বিহা হৈছে ৷
মাং ৱিক নামৰ এজন ব্যৱসায়ীৰ পৰা ৫,৫০,০০০ ডলাৰ উৎকোচ লোৱাৰ অভিযোগত এই দুটা গোচৰ ৰুজু কৰা হৈছিল ৷ দুয়োটা দুৰ্নীতিৰ গোচৰত তিনি বছৰৰ কাৰাদণ্ডৰ ৰায় প্ৰদান কৰিছে ৷ অৱশ্যে এই ৰায়ৰ বিৰুদ্ধে আপীল কৰিব পাৰিব ম্যানমাৰৰ ক্ষমতাচ্যুত নেত্ৰী আং চান চুকীয়ে ৷
উল্লেখ্য যে , ২০২১ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ম্যানমাৰৰ সামৰিক বাহিনীয়ে আং চান চুকীৰ নিৰ্বাচিত চৰকাৰক উৎখাত কৰি ক্ষমতা দখল কৰিছিল ৷ তেতিয়াৰে পৰা শান্তিৰ নবেল বঁটা বিজয়ী চুকী সামৰিক বাহিনীৰ জিম্মাত আছে ৷ দেশদ্ৰোহীতাৰ দৰে কেইবাটাও গোচৰত গম্ভীৰ গোচৰত সামৰিক আদালতে দোষী সাব্যস্ত কৰিছে ৷