Wednesday, November 6, 2024
Homeঅসমপ্লাষ্টিক প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নর্থ ইষ্ট প্লাষ্ট এক্সপো ২০২৪

প্লাষ্টিক প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নর্থ ইষ্ট প্লাষ্ট এক্সপো ২০২৪

গুৱাহাটী, অসম- “নর্থ ইষ্ট প্লাষ্ট এক্সপ’ ২০২৪” এ স্থানীয় ব্যৱসায়ী, ষ্টার্টআপ, আৰু উদ্ভাৱকসকলৰ বাবে এক অতুলনীয় মঞ্চ আগবঢ়াই উত্তৰ-পূৰ্বাঞ্চলৰ উদ্যোগীকৰণৰ পৰিৱেশৰ ৰূপান্তৰ ঘটাবলৈ সাজু হৈছে। অহা ১২ ছেপ্তেম্বৰৰ পৰা ১৫ ছেপ্টেম্বৰলৈ হ’ব লগা এই অনুষ্ঠানত প্লাষ্টিক, প্রিন্টিং, আৰু পেকেজিং উদ্যোগৰ অত্যাধুনিক প্রযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব, যাৰ ফলত যুৱ উদ্যোগীসকলে শীর্ষস্থানীয় যন্ত্রপাতি, কেঁচামাল, আৰু ব্যৱসায়িক বিশেষজ্ঞ পৰামৰ্শ লাভৰ সুবিধা লাভ কৰিব।

প্ৰত্যক্ষ প্ৰদৰ্শন আৰু কৰ্মশালাৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলে আধুনিক সঁজুলি আৰু সেই সঁজুলিসমূহ ব্যৱহাৰৰ প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰিব। উদ্যোগ বিশেষজ্ঞসকলৰ সৈতে মুখামুখি আলোচনাই উৎপাদন দক্ষতা, আৱৰ্জনা হ্রাস, আৰু বহনক্ষম পদ্ধতিৰ মূল্যৱান অন্তদৃষ্টিৰ প্ৰতিশ্রুতি বহন কৰিছে- এই আটাইবোৰ ক্ষেত্ৰ হৈছে ৰাষ্ট্ৰীয় আৰু বিশ্বব্যাপী পর্যায়ত প্রতিযোগিতাত অৱতীৰ্ণ হোৱাৰ বাসনা ৰখা ব্যৱসায়ীসকলৰ বাবে অতিকৈ গুৰুত্বপূর্ণ।

স্থানীয় কোম্পানীসমূহে অর্থপূর্ণ নেটৱর্কিঙত জড়িত হোৱাৰ, অংশীদাৰিত্ব স্থাপন কৰা আৰু দীর্ঘম্যাদী ব্যৱসায়িক পৰিসৰ বৃদ্ধিৰ ক্ষেত্ৰত সহায় কৰা বিনিয়োগৰ সম্ভাৱনা সৃষ্টি কৰাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা বুলি মন্তব্য কৰে আয়োজকসকলে। উল্লেখ্য যে দেশৰ ক্রমবর্ধমান প্লাষ্টিক, ছপা, আৰু পেকেজিং উদ্যোগত আঞ্চলিক ব্যৱসায়ীসকলক নেতৃত্ব ল’বলৈ উৎসাহিত কৰি উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশৰ পোষকতা কৰাটোৱেই এই প্রদর্শনীৰ লক্ষ্য তথা উদ্ভাৱন, বহনক্ষমতা, আৰু সহযোগিতাৰ ওপৰত আলোকপাত কৰি এই এক্সপ’ই অঞ্চলটোক প্লাষ্টিক আৰু উৎপাদনৰ সম্ভাব্য কেন্দ্র হিচাপে স্থান দিব বুলি মন্তব্য কৰে আয়োজকসকলে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments