উত্তৰ গুৱাহাটী, অজিত চমুৱা: উত্তৰ গুৱাহাটী দিহিংসত্ৰত চোৰৰ চাফাই অভিযান। আই আই টি গুৱাহাটীৰ বিষয়া শেৱালী মহাজন আৰু দ্বীপন লাল বৈশ্যৰ ঘৰত চোৰৰ লুটপাত । দুই পতি পত্নীয়ে , পিতৃ মাতৃৰ অস্থি দিবৰ বাবে গৈছিল ত্ৰিবেণী সংগমলৈ ।
গৃহস্থ নথকাৰ সুযোগ ল’লে চোৰে ।ঘৰৰ খিৰিকীৰ গ্ৰীল ভাঙি চোৰৰ অভিযান । চোৰে লৈ গ’ল নগদ ধন সোণৰ অলংকাৰ আৰু মূল্যবান লেপটপ ।ফ্ৰীজত থোৱা মিঠাই খালে চোৰে । ঘটনাস্থলীত উপস্থিত উত্তৰ গুৱাহাটী আৰক্ষী ।