Friday, November 8, 2024
Homeৰাজনৈতিকভুৱা হিন্দু “বিজেপি” আৰু “ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ”: ৰাহুল গান্ধী

ভুৱা হিন্দু “বিজেপি” আৰু “ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ”: ৰাহুল গান্ধী

ডিজিটেল ডেস্ক,১১ ছেপ্তেম্বৰ: কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে দেওবাৰে ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মতাদৰ্শগত গুৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক তীব্ৰ সমালোচনা কৰে ।সমালেচনা কৰি কয় যে বিজেপি আৰু ৰাষ্টীয় স্বয়ংসেৱক সংঘ “হিন্দু ধৰ্মৰ সৈতে কোনো সম্পৰ্ক নাই”। লগতে কয় বিজেপিয়ে যি কৰে তাত কোনো হিন্দু নাই(“Nothing To Do With Hinduism”)

দেওবাৰে ফ্ৰান্সৰ এক অনুষ্ঠানত মিষ্টাৰ গান্ধীয়ে কৈছিল “মই গীতা, কেইবাখনো উপনিষদ আৰু বহু হিন্দু গ্ৰন্থ পঢ়িছো… যাৰ ভিত্তিত কব পাৰি বিজেপি একেবাৰে হিন্দু নহয়…।” আকৌ কয় যে “মই কোনো হিন্দু কিতাপত পোৱা নাই, বা কোনো ভিজ্ঞ হিন্দু ব্যক্তিৰ পৰা শুনা নাই যে আপুনি আপোনাৰ তুলনাত দুৰ্বল মানুহক আতংকিত বা ক্ষতি কৰিব লাগে। এই ধাৰণাটো… এই শব্দটো – ‘হিন্দু জাতীয়তাবাদী’ – এইটো এটা ভুল শব্দ বিজেপিৰ।”

‘হিন্দু জাতীয়তাবাদী’ নহয়… হিন্দু ধৰ্মৰ সৈতে তেওঁলোকৰ কোনো সম্পৰ্ক নাই,” গান্ধীয়ে জোৰ দি কয়।পেৰিছৰ বিজ্ঞান পি অ’ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰি তেওঁ দেশৰ ভিতৰতে বিৰোধী নেতাসকলৰ কণ্ঠ দমন কৰাৰ বাবে বহুলভাৱে সমালোচনা কৰা চৰকাৰখনক তুলাধূনা সনালোচনা কৰে বিজেপি আৰু আৰ এচ এচ এচক ।

যিকোনো মূল্যত ক্ষমতা লাভ কৰিবলৈ ওলাইছে আৰু মোৰ দেশৰ জাতিগত গাঁথনি আৰু সামাজিক গাঁথনিৰ প্ৰতি ভাবুকি আহি নপৰে তাৰবাবে যিকোনো কামেই কৰিব পাৰে বুলি অভিযোগ উত্থাপন কৰে সাংসদ গৰাকীয়ে।আকৌ কয় তেওঁলোকে কেইজনমানৰ আধিপত্য বিচাৰে… সেইটোৱেই তেওঁলোকৰ কথা।হিন্দুত্ববাদী শক্তিৰ দ্বাৰা যুৱক-যুৱতীসকলক ভয়ংকৰ উগ্ৰবাদ সন্দৰ্ভত প্ৰশ্ন উত্থাপন হোৱাৰ পিছতে মিষ্টাৰ গান্ধীৰ এই মন্তব্য। এই বিষয়ত বিজেপিক আক্ৰমণ কৰা এইটোৱেই প্ৰথম নহয়। ২০২১ চনত তেওঁ তেওঁলোকক “ভুৱা হিন্দু” বুলি অভিহিত কৰিছিল যিয়ে ধৰ্মক নিজৰ লাভৰ বাবে “ব্যৱহাৰ” কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments