ডিজিটেল ডেস্ক ANEWS24X7: বাংলাদেশত ভয়ংকৰ আৰ্থিক সংকট ৷ দেশখনত সংকুচিত হৈছে বিদেশী মুদ্ৰাৰ ভঁৰাল ৷ এনে পৰিস্থিতিত ইয়াৰ ব্যাপক প্ৰভাৱ পৰিছে বাংলাদেশৰ সংস্কৃতিক জগত খনতো ৷ চলিত বৰ্ষৰ ডিচেম্বৰ মাহত ঢাকাৰ এটা বঁটা বিতৰণি অনুষ্ঠানত বলিউডৰ নৃত্যশিল্পী নোৰা ফাতেহি উপস্থিত থকাৰ কথা আছিল ৷ যদিও বাংলাদেশৰ সাংস্কৃতিক মন্ত্ৰালয়ে আৰ্থিক সংকটৰ বাবে এই অনুষ্ঠানৰ অনুমতি বাতিল কৰিছে ৷
এই খবৰে হতাশ গ্ৰস্ত কৰি তুলিছে নোৰা ফাতেহিৰ বাংলাদেশৰ অনুৰাগী সকলক ৷ উল্লেখ যে দেশখন বিদেশী মুদ্ৰাৰ ভঁৰাল সংকুচিত হোৱাৰ বাবে সংস্কৃতিক মন্ত্ৰালয়ে বিদেশী শিল্লীসকলক আমন্ত্ৰণ কৰি আনি অনুষ্ঠান কৰাৰ অনুমতি বাতিল কৰিছে ৷
অৱশ্যে অনুমতি লাভ কৰিলে আগন্তুক বৰ্ষৰ জানুৱাৰী মাহত নোৰা ফাতেহিক বাংলাদেশ
লৈ পুনৰ নিমন্ত্ৰণ জনোৱা হ’ব বুলি আয়োজক সমিতিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷