ডিজিটেল ডেস্ক, A NEWS 24×7: প্ৰধানমন্ত্ৰীক একোৱেই বাধা দিব নোৱাৰে বুলি কোৱা কথাষাৰ ভূল প্ৰমাণিত হল মেঘালয়ত। মেঘালয়ৰ দক্ষিণ তুৰাৰ পিএ চাংমা ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী জনসভা অনুষ্ঠিত কৰাৰ অনুমতি অস্বীকাৰ মেঘালয় চৰকাৰৰ।
২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোডীয়ে শ্বিলং আৰু তুৰাত প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰাৰ কথা আছিল। কিন্তু মেঘালয়ৰ ক্ৰীড়া বিভাগে অনুষ্ঠানস্থলীত নিৰ্মাণ কাৰ্যৰ কথা উল্লেখ কৰি তুৰাত তেওঁৰ ৰেলীৰ অনুমতি অস্বীকাৰ কৰে।
উল্লেখ্য যে, ২৭ ফেব্ৰুৱাৰীত মেঘালয় বিধান সভাৰ ৬০ আসনৰ বাবে ভোটদান অনুষ্ঠিত হ’ব। ভোটগণনা ২ মাৰ্চত কৰিব।