ডিজিটেল ডেস্ক, ANEWS24X7: আনুষ্ঠানিকভাৱে অসমত ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ চমুকৈ NEP২০২০ৰ শুভাৰম্ভ । এই উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা ভৱনত এক শুভাৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে।
মুখ্যমন্ত্ৰী শৰ্মাই আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ প্ৰৱৰ্তনৰ শুভাৰম্ভ কৰিছে। অহা বৰ্ষৰ নামভৰ্তিৰ পৰাই নতুন শিক্ষা নীতি প্ৰযোজ্য হ’ব। NEP অনুসৰি অসমৰ প্ৰতিখন বিশ্ববিদ্যালয়ত ডিগ্ৰী কোৰ্ছৰ ৪ বছৰীয়া প্ৰচলন হ’ব ।ইপিনে আগন্তুক আগষ্ট মাহৰ নতুন শিক্ষাবৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়ে NEP২০২০ আধাৰিত GUFYUGP পাঠ্যক্ৰম আৰম্ভ কৰিব। বিশ্ববিদ্যালয়খনে GUFYUGP ৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ।
আনহাতে ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়নৰ ব্যৱস্থা হৈছে। অসমত লাহে লাহে সফলতাৰ দিশে আগবাঢ়িছে। উচ্চ শিক্ষাৰ বাবে আজিৰ দিনটো মাইলৰ খুটা হ’ব। ছাত্ৰ সমাজৰ বহুমুখী বিকাশৰ ওপৰত নতুন শিক্ষা নীতিয়ে গুৰুত্ব আৰোপ কৰিছে।
যিকোনো বিভাগৰ শিক্ষাৰ্থীয়ে যিকোনো বিভাগ পঢ়িব পাৰিব। কলা, বিজ্ঞান, বাণিজ্য আটাইকেইটা বিভাগ মহাবিদ্যালয়ত একেলগে থাকিব লাগিব। নাথাকিলে নিৰ্মাণ কৰিব লাগিব। ইয়াৰোপৰি, প্ৰতিখন মহাবিদ্যালয়তে সকলো শাখাৰ সংযোজন কৰিব লাগিব। পাঠদান আৰু শিক্ষণৰ ক্ষেত্ৰত NEP 2020এ নতুন নিদৰ্শন দিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।