ডিজিটেল ডেস্ক, ANEWS24X7: ক্ৰমাত অধিক অৱনতি ঘটিছে দিল্লীৰ প্ৰদূষণ ৷ এতিয়া গেছ চেম্বাৰলৈ পৰিণত হৈছে ৰাজধানী দিল্লী ৷ প্ৰদূষণ স্তৰ ইমানে নিম্ন মানৰ হৈ পৰিছে যে যাৰ ফলত এতিয়া সৃষ্টি হৈছে শ্বাসৰুদ্ধ পৰিস্থিতি ৷
এনে পৰিস্থিতিত ৰাজধানী দিল্লীৰ বায়ু প্ৰদূষণ হ্ৰাস কৰিলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ এতিয়াৰে পৰা দিল্লীৰ ৰাজপথত পুৰণি ডিজেল চলিত বাহন চলাচল কৰাৰ ওপৰত নিষেধাজ্ঞ্ৰা আৰোপ কৰা হৈছে ৷
ডিজেল চালিত সৰু বাহন , বিএছ-চিক্স বিহীন বাহন সমূহ ৰাস্তাত চলাচল কৰাৰ ওপৰত নিষিদ্ধ কৰিছে ৷ এই নিৰ্দেশনা উলংঘা কৰা চালকসকলক জৰিমনা বিহা ব্যৱস্থা কৰা হৈছে ৷ নিয়ম উলংঘা কৰিলে ২০,০০০ টকা জৰিমনা বিহা হ’ব ৷ পৰিবহণ বিবাগে ইতিমধ্যে বাহন সমূহৰ মালিকলৈ জাননী প্ৰেৰণ কৰিছে ৷ উল্লেখ্য যে ভয়াবহ বায়ু প্ৰদূষণৰ প্ৰতিলক্ষ্য ৰাখি দিল্লী চৰকাৰে বিদ্যালয় সমূহ বন্ধ ৰখোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷