ডিজিটেল ডেস্ক, ANEWS24X7: যোৰহাটৰ উপকণ্ঠৰ ছটাইত থকা বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ চৌহদত এটা বাঘৰ ভয়ংকৰ আক্ৰমণ।এই আক্ৰমণত মুঠ ৭জনকৈ লোক আহত হৈছে। ছেকেণ্ডতে ঘৰৰ দেৱাল জঁপিয়াই পাৰ হোৱা বাঘৰ মাৰুতি ভানৰ চালকক লক্ষ্য কৰি আক্ৰমণ। ভাগ্যক্ৰমে চালকৰ আসনৰ গ্লাছ বন্ধ আছিল বাবে ৰক্ষা পৰে চালক।
আক্ৰমণত তিনিজন বন কৰ্মী আহত হৈছে।এটা পৰিয়ালৰ মাতৃ, কন্যা আৰু পুত্ৰ আহত হোৱাৰ লগতে আৰু আন এজন কাম কৰি থকা লোক আহত হয়।
উক্ত আবাসীক এলেকাত আজি দিনৰ প্ৰায় ১১ মান বজাত এটা বাঘে এগৰাকী মহিলাক আক্ৰমণ কৰাৰ খবৰ লাভ কৰি বন বিভাগৰ লোকক খবৰ দিয়ে। বন বিভাগৰ গাড়ী ৰখোৱাৰ মুহূৰ্ততে বাঘটো আহি বন বিভাগৰ গাড়ীৰ ভিতৰলৈ জঁপিয়াই সোমাই এজন বন কৰ্মীক আক্ৰমণ কৰে।
পুনৰ গাড়ীৰ পৰা জঁপিয়াই বাঘটোৱে আন এজন বন কৰ্মীক আক্ৰমণ কৰে। পুনৰ আন এখন মাৰুতি ভানলৈ জঁপিয়াই আক্ৰমণৰ চেষ্টা কৰে। বাঘটোৰ সন্ধানত বন বিভাগৰ অভিযান অব্যাহত আছে। ট্ৰেনকোলাইজ কৰিবলৈ বিশেষজ্ঞ আহি আছে।